April 17, 2025 10:32 AM

views 32

আই পি এলত কালি ডেহলি কেপিটেলছৰ হাতত ৰাজস্থান ৰয়েলছ ছুপাৰ অভাৰত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমান্সকৰ খেলত ডেহলি কেপিটেলছে ৰাজস্থান ৰয়েলছক ছুপাৰ অভাৰত পৰাস্ত কৰে। ডেলহি কেপিটলছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি অভিষেক পোৰেলৰ ৪৯ আৰু কে এল ৰাহুলৰ ৩৮ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৮৮ ৰান কৰে...

April 17, 2025 10:29 AM

views 20

ISSF বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শিতানৰ মিক্সড শাখাত ভাৰতৰ সোণৰ পদক অৰ্জন

ভাৰতৰ ইন্দৰ সিং ছুৰুচি আৰু সৌৰভ চৌধুৰীয়ে পেৰুৰ লিমাত অনুষ্ঠিত ISSF বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শিতানৰ মিক্সড শাখাত সোণৰ পদক অৰ্জন কৰিছে। ভাৰতীয় যুটীটোৱে কালি ফাইনেলত চীনৰ কিয়ানক্সন য়াঅ' আৰু কাই হু যুটীটোক ১৭-৯ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে অলিম্পিকত পদক বিজেতা ...

April 17, 2025 10:26 AM

views 25

ভাৰতৰ প্ৰথম হাইড্ৰজেন ইন্ধনচালিত সাগৰীয় জাহাজক মন্ত্রী ড° জিতেন্দ্র সিঙৰ ভূয়ষী প্ৰশংসা

থলুৱাভাৱে বিকশিত ভাৰতৰ প্ৰথম হাইড্ৰজেন ইন্ধনচালিত সাগৰীয় জাহাজক কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড° জিতেন্দ্র সিঙে ভূয়ষী প্ৰশংসা কৰিছে। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ যৌথ প্ৰচেষ্টাত সম্ভৱ হোৱা ইয়াক এক সফল কাহিনী বুলি শ্রীসিঙে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত কালি বৈজ্ঞানিক আৰু ঔদ্যো...

April 17, 2025 10:22 AM

views 39

ভাৰত বর্ধিত বজাৰ আৰু বিশ্বৰ দ্রুত বিকাশশীল অর্থনীতি : মন্ত্রী পীযুষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে প্ৰকাশ কৰিছে যে ভাৰত এখন বর্ধিত বজাৰ আৰু বিশ্বৰ দ্রুত বিকাশশীল অর্থনীতি। নতুন দিল্লীত কালি ভাৰত-মধ্যপ্রাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (IMEC) সন্মিলন, মন্ত্ৰীগৰাকীয়ে সম্বোধন কৰি এইদৰে কয়। শ্রীগোৱেলে কয়, যে উপযুক্ত দৰ লাভ কৰা দেশসমূহৰ সৈতে ভাৰতৰ বাণিজ্...

April 17, 2025 10:19 AM

views 29

দেশ আধুনিক সামুদ্রিক বিপ্লৱৰ দিশে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন্দৰ আৰু পৰিবহণৰ বিভিন্ন মাধ্যমৰ উন্নয়নৰ লগতে মৈত্ৰীৰ লেখীয়া ডিজিটেল মঞ্চৰ সৈতে দেশ আধুনিক সামুদ্রিক বিপ্লৱৰ দিশে অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি ভাৰত-মধ্যপ্রাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰ সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাক...

April 17, 2025 10:14 AM

views 14

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সৰ চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি জে ডি ভান্সে ২১ এপ্ৰিলত চাৰিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিত কয়, যে উপ ৰাষ্ট্ৰপতি ভান্সৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ হ'ব। এই ভ্ৰমণত তেওঁ অহা সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকী আৰু তেওঁ প্ৰতিন...

April 17, 2025 10:08 AM

views 24

একেৰাহে তৃতীয় দিনৰ বাবে ৰবাৰ্ট ভাদ্ৰাক জেৰা বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ

বিধি বলৱৎকাৰী সঞ্চালকালয়ে হাৰিয়ানাত ভূমি ক্ৰয়ৰ সৈতে জড়িত কলা ধন বৈধকৰণৰ গোচৰৰ তদন্তৰ সংক্ৰান্তত আজি একেৰাহে তৃতীয় দিনৰ বাবে ৰবাৰ্ট ভাদ্ৰাক জেৰা কৰিব। শ্রীভাদ্ৰাক নতুন দিল্লীস্থিত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ কাৰ্যালয়ত জেৰা কৰা হ'ব। গোচৰটো, শ্ৰীভাদ্ৰাৰ কোম্পানীয়ে গুৰুগ্ৰামত ভূমি ক্রয় কৰাৰ সৈতে ...

April 17, 2025 10:05 AM

views 32

ভাৰতবৰ্ষক পূৰ্ণ বিকশিত ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত উদ্যোগ আৰু বাণিজ্য জগতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে : ওম বিৰলা

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক পূৰ্ণ বিকশিত ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত উদ্যোগ আৰু বাণিজ্য জগতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰিছে। শ্ৰীবিৰলাই এই ৰাষ্ট্ৰীয় আকাংক্ষা বাস্তৱায়িত কৰাৰ উদ্দেশ্যে উন্নয়নৰ স্থায়ী আৰু সৰ্বাত্মক আৰ্হি আঁকোৱালি ল'বলৈ সকলোৰে ...

April 17, 2025 10:00 AM

views 27

ৱকফ সংশোধনী আইন ২০২৫ সন্দৰ্ভত অন্তৱৰ্তীকালীন আদেশ দিয়াৰ পৰা বিৰত উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে কালি ৱকফ সংশোধনী আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনসমূহৰ শুনানি গ্ৰহণ কৰি এই সন্দৰ্ভত কোনো অন্তৱৰ্তীকালীন আদেশ দিয়াৰ পৰা বিৰত থাকে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ে উত্থাপন কৰা তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে অধিক...

April 16, 2025 8:22 PM

views 21

কংগ্ৰেছক নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত নিকৃষ্টমানৰ ৰাজনীতি কৰাৰ অভিযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কংগ্ৰেছক নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত নিকৃষ্টমানৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰিছে। ঋষিকেশত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিধি বলবৎকাৰী সঞ্চালকালয়ে কংগ্ৰেছৰ ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ বিৰুদ্ধে কংগ্ৰেছে কৰা দেশযোৰা প্ৰতিবাদ...