December 8, 2025 11:53 AM

views 9

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা আজিও পুৱাৰ পৰা বাতিল

ঘন কুঁৱলীৰ বাবে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা আজিও পুৱাৰ পৰা বাতিল কৰা হৈছে। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীন জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বতৰ ফৰকাল নোহোৱা পর্যন্ত ফেৰী সেবা ব্যাহত থাকিব বুলি আভ্যন্তৰীন জল পৰিবহণ বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

December 8, 2025 11:58 AM

views 29

ভাৰত-ভূটান মৈত্ৰী সংস্থা বিফাৰ ফুটবল প্রতিযোগিতাত ভূটানৰ থিম্ফু চিটী এফ চিৰ জয়লাভ

ভাৰত-ভূটানৰ সৌহাদ্যপূর্ণ সম্পর্ক অটুত ৰখাৰ লগতে দুয়োখন দেশৰ বন্ধুত্ব আৰু অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে ভূটানৰ চামদ্রুপ ঝংখাৰত কালি অনুষ্ঠিত ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেলখনত ভূটানৰ থিম্ফু চিটী এফ চি বিজয়ী হয়। ভাৰত-ভূটান মৈত্রী সংস্থা- বিফাৰ উদ্যোগত আৰু ভাৰতীয় উচ্চায়ুক্তৰ সহযোগত যোৱা ২২ নৱেম্বৰৰ পৰা অনু...

December 8, 2025 11:46 AM

views 17

অৰুণাচল প্ৰদেশৰ সীমান্ত পথ সংস্থাৰ ৩২টা কৌশলগতভাৱে গুৰুত্বপূর্ণ আন্তঃগাঁথনি প্রকল্প উদ্বোধন

অৰুণাচল প্ৰদেশৰ সীমান্ত পথ সংস্থাৰ ৩২টা কৌশলগতভাৱে গুৰুত্বপূর্ণ আন্তঃগাঁথনি প্রকল্প কালি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। এই উপলক্ষে কালি পশ্চিম চিয়াং জিলাৰ আলোত ৪৪ নম্বৰ সীমান্ত পথ কার্যবাহিনীৰ এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ অৰুণাচল প্ৰদেশৰ আইন আৰু ...

December 8, 2025 11:45 AM

views 25

গুৱাহাটীত ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সন্দর্ভত কর্মশালা অনুষ্ঠিত

২০২৬ চনৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কালি গুৱাহাটীত ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সন্দর্ভত এখন কর্মশালা অনুষ্ঠিত হয়। এই কর্মশালাত ৰাজ্যৰ সকলো জিলা নির্বাচনী বিষয়া আৰু প্ৰথম পৰ্যায়ৰ পৰীক্ষণ তত্বাবধায়কসকলে অংশগ্রহণ কৰে। নির্বাচন আয়োগৰ জ্যেষ্ঠ উপ-ন...

December 8, 2025 11:39 AM

views 43

নামৰূপ সাৰ কাৰখানাৰ বৰ্তমান উৎপাদনক্ষম তৃতীয় গোটত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত

নামৰূপ সাৰ কাৰখানাৰ বৰ্তমান উৎপাদনক্ষম তৃতীয় গোটত কালি সন্ধিয়া ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। এমোনিয়া উৎপাদন কৰা তৃতীয় গোটটোত সন্ধিয়া প্রায় ৭ বজাত জুই লাগে। জুইৰ লেলিহান শিখাই পলকতে সমগ্ৰ এলেকাটো আঁৱৰি লয়। অৱশ্যে সাৰ কাৰখানা, ৰাজ্যিক অগ্নি নির্বাপক বাহিনী আৰু অইল ইণ্ডিয়াৰ অগ্নি নির্বাপক বাহিনী ৪৫ মিনিট...

December 8, 2025 11:38 AM

views 32

কালিৰে পৰা চৰাইচোং মহোৎসৱ ২০২৫ অনুষ্ঠিত

অসমৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান চৰাই চোঙৰ ৩৯২ বছৰীয়া ঐতিহ্য পুনৰ উজ্জিৱীত কৰাৰ উদ্দেশ্যেৰে কালিৰে পৰা চৰাইচোং মহোৎসৱ ২০২৫ অনুষ্ঠিত হৈছে। ১৬৩৩ খৃষ্টাব্দত স্বৰ্গদেউ প্রতাপ সিংহই সংৰক্ষণ ক্ষেত্ৰ হিচাপে মাজুলীত আৰম্ভ কৰা উদ্যানখনক পক্ষী বিচৰণক্ষেত্ৰ হিচাপে প্রতিষ্ঠা কৰিবলৈ ৪ দিনীয়া কাৰ্যসূচীৰে দ্বিতীয়ব...

December 8, 2025 11:36 AM

views 42

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য শম্ভুনাথ সিঙক উপাচাৰ্যৰ দায়িত্বৰ পৰা অব্যাহতি

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত হোৱা অনিয়মৰ পৰিপ্ৰেক্ষিতত কালি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগে তেওঁক প্ৰশাসনিক কাম-কাজৰ পৰা কিছুদিনৰ বাবে অব্যাহতি দিয়ে। উপাচাৰ্যজনৰ বিৰুদ্ধে উত্থাপিত দুর্নীতি অনিয়মৰ অভিযোগসমূহৰ বুজ ল'বলৈ বিশ্ববিদ্যালয়খনত উপস্থিত হোৱা কেন্দ্রীয় শিক্ষা বি...

December 8, 2025 11:32 AM

views 26

২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান

২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক ড০ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত আজি স্কুটাৰ প্ৰদান কাৰ্য্যসূচী আৰম্ভ হৈছে। এইবাৰ এই বঁটা লাভ কৰা ১১,২৫০ গৰাকী শিক্ষার্থীৰ ভিতৰত ৬,৮৬০ গৰাকী ছাত্ৰী আৰু ৪,৩৯০ গৰাকী ছাত্র আছে। এই উপলক্ষে গুৱাহাটীৰ পাঞ...

December 8, 2025 11:29 AM

views 30

প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ত বুৰঞ্জী আৰু ভূগোল বিষয় বাধ্যতামূলক অন্তর্ভুক্তিৰ সিদ্ধান্ত ৰাজ্যিক মন্ত্রীসভাৰ

অসম বিষয়ক জ্ঞানেৰে শিক্ষাৰ্থীৰ উত্তৰণত গুৰুত্ব আৰোপ কৰি ৰাজ্যিক মন্ত্রীসভাই সকলো প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্রেণীত বাধ্যতামূলক বিষয় হিচাপে বুৰঞ্জী আৰু ভূগোল বিষয় দুটা অন্তর্ভুক্তিৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰ...

December 7, 2025 9:24 PM

views 14

১৫ ডিচেম্বৰত কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বিশেষ অধিৱেশন

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছ'ৱে অসম স্বায়ত্ত শাসিত জিলা পৰিষদ সংবিধান ১৯৫১ অধিনিয়মৰ অধীনত অহা ১৫ ডিচেম্বৰত বিশেষ অধিৱেশন আহ্বান কৰিছে। ডিফুস্থিত পৰিষদৰ কাৰ্যালয়ত পুৱা ১০ বজাৰ পৰা এই অধিৱেশন মুকলি হ'ব বুলি অধ্যক্ষগৰাকীয়ে জাননীযোগে প্রকাশ কৰিছে।