December 15, 2025 6:20 PM

views 8

কোকৰাঝাৰৰ তাৰাং নৈৰ পাৰত অহা ২৮ ডিচেম্বৰৰ পৰা কমতা সংগীত মহোৎসৱ

কোকৰাঝাৰৰ তাৰাং নৈৰ পাৰত অহা ২৮ ডিচেম্বৰৰ পৰা কমতা সংগীত মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্রস্তুতি চলিছে। ১২ দিনীয়াকৈ হ'বলগীয়া এই মহোৎসৱত কেইবাহাজাৰো শিল্পীয়ে কোচ-ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত গীত আৰু লোকনৃত্যৰ লগতে অন্যান্য নৃত্যগীত পৰিবেশন কৰিব। ইয়াৰ বাবে মহোৎসৱস্থলীত মূল প্রশিক্ষকসকলে ভালেসংখ্...

December 15, 2025 6:13 PM

views 9

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৱৰ্তী হাতীগাঁৱত খেতি চপোৱা উৎসৱ পালন

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী হাতীগাঁও অঞ্চলৰ ৰাইজে এটা স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত আজি পৰম্পৰাগতভাৱে খেতি চপোৱা উৎসৱ পালন কৰে। কৃষকসকলৰ পথাৰৰ ধান লগে-ভাগে চপাই আজি এই উৎসৱ পালন কৰা হয়। ৰাইজে পৰম্পৰা ৰক্ষা কৰি বাদ্যযন্ত্ৰ বজাই খেতি চপোৱাৰ পাছত সমূহীয়া ভোজ-ভাতৰ আয়োজন কৰে ৷

December 15, 2025 6:11 PM

views 9

বৰপেটা জিলাৰ হাউলীৰ মৈৰামাৰাত এজন লোকৰ পৰা ১ লাখ ২৫ হাজাৰ টকাৰ জালনোট জব্দ

বৰপেটা জিলাৰ হাউলীৰ সমীপৰ মৈৰামাৰাত আজি এজন লোকৰ পৰা ১ লাখ ২৫ হাজাৰ টকা জাল নোট জব্দ কৰা হয়। আৰক্ষী আৰু হাউলীস্থিত এছ এচ বি ৬৪ নম্বৰ বেটেলিয়নৰ দলে অভিযান চলাই এখন ই-ৰিক্সাৰ পৰা জালনোটখিনি জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। জিলাখনৰ মন্দিয়াৰ বাসিন্দা লোকজনে এই জালনোটসমূহ হাউলীলৈ সৰবৰাহ কৰিছিল বুলি আৰ...

December 15, 2025 1:45 PM

views 28

মাজুলীত কালিৰে পৰা ২০২৫ বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ

সত্ৰপীঠ মাজুলীৰ শ্ৰীশ্ৰী আদি বিহিমপুৰ সত্ৰৰ শংকৰ-মাধৱ মিলত ক্ষেত্ৰত কালিৰে পৰা ২০২৫ বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত এহেজাৰ এগৰাকী শিল্পীয়ে বৰগীত পৰিৱেশন কৰে। মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত আৰু মাজুলীবাসীৰ সহযোগত প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত এই ভাওনা সমাৰোহ...

December 15, 2025 1:42 PM

views 20

চলিত বৰ্ষত অসমত ১২টা বাঘৰ মৃত্যু

চলিত বৰ্ষত অসমত ১২টা বাঘৰ মৃত্যু হোৱা বুলি ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে তথ্য প্ৰকাশ কৰিছে। যোৱা ১২ ডিচেম্বৰ পৰ্যন্ত দিয়া তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৭টা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান এটা বাঘৰ মৃত্যু হৈছে। তদুপৰি ৰাজ্যৰ অন্যান্য স্থানত কেইবাটাও বাঘ মানুহে হত্যা কৰিছে। বাঘৰ মৃত্যুৰ ক...

December 15, 2025 1:39 PM

views 26

দুদিনীয়া কাৰ্যসূচীৰে অহা ২০ ডিচেম্বৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে অহা ২০ ডিচেম্বৰত অসমলৈ আহিব। প্রধানমন্ত্ৰীগৰাকীয়ে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱ-নির্মিত টার্মিনেল উদ্বোধন কৰিব। এই টার্মিনেলৰ উদ্বোধনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ আন্ত-গাঁথনিৰ উপৰি যোগাযোগ ব্যৱস্থা, উদ্যোগ...

December 15, 2025 12:21 PM

views 17

টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত ভাৰতৰ হাতত দক্ষিণ আফ্ৰিকা পৰাস্ত

ধৰ্মশালাত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰণ কৰি দিয়া ১১৮ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে ১৫ অভাৰ ৫টা বলতে তিনিটা উইকেটৰ বিনিময়ত ১২০ ৰান কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ...

December 15, 2025 12:18 PM

views 30

দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান

অসমৰ সংবাদ জগতৰ মহীৰূহ, দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক প্রফুল্ল গোবিন্দ বৰুৱাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৩ বছৰ। দীৰ্ঘকাল ধৰি দৈনিক অসম কাকতৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰা প্ৰফুল্ল গোবিন্দ বৰুৱাই ২০১৮ চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল। উত...

December 15, 2025 12:14 PM

views 11

সম্ৰাট পেৰুম্বিডুগু মুথাৰায়াৰ দ্বিতীয়ৰ স্মৃতিত উলিওৱা ডাক টিকট সন্দৰ্ভত প্রধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ

দক্ষিণ ভাৰতৰ তাঞ্জাভুৰৰ মুথাৰায়াৰ সাম্ৰাজ্যৰ ছুভাৰান মাৰাণ হিচাপে পৰিচিত সম্ৰাট পেৰুম্বিডুগু মুথাৰায়াৰ দ্বিতীয়ৰ স্মৃতিত কালি মুকলি কৰা এটা ডাক টিকট সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে নতুন দিল্লীত এই ডাক টিকট মুকলি কৰে। উপ-ৰাষ্ট্ৰপতি চি পি ৰা...

December 15, 2025 11:39 AM

views 26

অষ্ট্ৰেলিয়াৰ ছিডনীৰ বন্দী তীৰত সংঘটিত গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ লৈ বৃদ্ধি

ইহুদীসকলৰ উৎসৱ হানুকা উদযাপনৰ প্ৰথম দিনা কালি সন্ধিয়া অষ্ট্ৰেলিয়াৰ ছিডনীৰ বন্দী তীৰত সংঘটিত গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ লৈ বৃদ্ধি পাইছে। অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে এই গুলীচালনাক সন্ত্রাসবাদী আক্রমণ বুলি উল্লেখ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে বন্দুকধাৰী দুজন পিতা- পুত্ৰ আছিল। গুলীচালনা...