December 16, 2025 12:14 PM

views 7

সমাজ কল্যাণ বিভাগৰ অধীনত ২৫ লাখ টকা ব্যয়সাপেক্ষে আছাবাম চাহ বাগিচা আদর্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি

সমাজ কল্যাণ বিভাগৰ অধীনত ২৫ লাখ টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত আছাবাম চাহ বাগিচা আদর্শ অংগনৱাড়ী কেন্দ্ৰটো কালি নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে মুকলি কৰে। অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ যোগেদি সমাজ কল্যাণ বিভাগে শিশুসকলৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে তেওঁলোকৰ স্বাস্থ্য সমন্ধীয় বিভিন্ন দিশৰ যত্ন লৈ...

December 16, 2025 12:13 PM

views 21

ৰাজ্যত অপৰাধীক দোষী সাব্যস্তকৰণ আৰু অভিযোগনামা দাখিলৰ হাৰ পূৰ্বতকৈ বৃদ্ধি পোৱাত অপৰাধৰ সংখ্যা হ্ৰাস

অসমত বিভিন্ন অপৰাধত অভিযুক্তক দোষী সাব্যস্তকৰণ আৰু অভিযোগনামা দাখিলৰ হাৰ পূৰ্বতকৈ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অপৰাধ হ্ৰাস পাইছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। জানিব পৰা মতে যোৱা বছৰত অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ ৫ দশমিক ৫ শতাংশৰ পৰা চলিত বছৰত ২৫ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে অভিযোগনামা দাখিলত যো...

December 16, 2025 12:12 PM

views 30

১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজত ভাৰতৰ জয়ৰ স্মৃতিত আজি দেশত বিজয় দিৱস উদযাপন

সমগ্র দেশে আজি ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজত ভাৰতৰ জয়ৰ স্মৃতিত বিজয় দিৱস উদযাপন কৰিছে। প্ৰতিবছৰে আজিৰ দিনটোত কৃতজ্ঞ ৰাষ্ট্ৰই প্ৰতিগৰাকী ভাৰতীয়ক উৎসাহিত আৰু গৌৰৱান্বিত কৰা বীৰ ছহিদসকলৰ সৰ্বোচ্চ ত্যাগৰ কাহিনীক স্মৰণ কৰে। আজিৰ দিনটোতে ১৯৭১ চনত পাকিস্তানী সেনা বাহিনীৰ মুৰববী জেনেৰেল এ এ খান...

December 16, 2025 12:09 PM

views 12

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ আধাৰত ৰৈ যোৱা ত্রুটিসমূহ অধ্যয়নৰ বাবে উচ্চস্তৰীয় পৰামৰ্শদাতা সমিতি গঠন

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ আধাৰত ৰৈ যোৱা ত্রুটিসমূহ অধ্যয়নৰ বাবে অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে এখন উচ্চস্তৰীয় পৰামৰ্শদাতা সমিতি গঠন কৰি দিছে। সমন্বয়ৰক্ষী সমিতিয়ে ইতিপূৰ্বে গঠন কৰি দিয়া চাৰিজনীয়া ক’ৰ কমিটীয়ে ৰাজ্যৰ দহগৰাকী বিশিষ্ট ব্যক্তিক অন্তৰ্ভুক্ত কৰি এই...

December 16, 2025 12:07 PM

views 17

অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ কাৰণ আৰু প্ৰতিকাৰ নিৰূপণৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠনৰ সিদ্ধান্ত

অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ কাৰণ আৰু প্ৰতিকাৰ নিৰূপণৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙে সদনৰ প্রশ্নোত্তৰকালত এ...

December 16, 2025 12:06 PM

views 16

কামৰূপ মহানগৰ জিলাৰ চি জে এম আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি গ্রহণ কৰা হ'ব। অভিযুক্ত পক্ষক অভিযোগনামাৰ প্ৰতিলিপি প্ৰদানৰ বাবে এছ আই টিৰ দল বাক্সা আৰু হাফলঙলৈ ৰাওনা হৈছে। এই প্রতিলিপি তেওঁলোকে লাভ কৰাৰ পাছতেই সাতোগৰাকী অভিযুক্তক আজি আদালতত ভ...

December 16, 2025 12:04 PM

views 14

ৰাজ্যৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি হ্ৰাসৰ বাবে সৰ্বশিক্ষা অভিযানৰ স্বয়ংক্রিয় SMS সতর্কতা ব্যৱস্থা

ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি হ্ৰাস কৰাৰ বাবে সৰ্বশিক্ষা অভিযানে স্বয়ংক্রিয় SMS সতর্কতা ব্যৱস্থা আৰম্ভ কৰিছে। বিদ্যালয়ত অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ ঘূৰাই অনাৰ বাবে সৰ্বশিক্ষা অভিযানে এই পদক্ষেপ লৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি আনুষ্ঠানিকভাৱে এই স্বয়ংক্...

December 16, 2025 12:03 PM

views 23

গুৱাহাটীৰ ৰূপনগৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয় মুকলি

অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয় কালি গুৱাহাটীৰ ৰূপনগৰত মুকলি কৰা হয়। পূৰ্বে পল্টন বজাৰত থকা এই কাৰ্যালয় ৰূপনগৰলৈ স্থানান্তৰ কৰাৰ পাছত পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে কালি কার্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে আয়োজিত সভাত দিয়া ভাষণত শ্ৰীবড়োৱে কয়, যে ৪০ বছৰৰো অধিক সময়ৰ পাছত পৰিবহণ...

December 15, 2025 9:07 PM

views 12

লামডিঙত কাইলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ লামডিং সমষ্টিৰ ২৫ হাজাৰতকৈও অধিক মহিলা হিতাধিকাৰীক উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব। হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত কাইলৈ হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। অনুষ্ঠানত জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব।

December 15, 2025 9:05 PM

views 10

ধেমাজিত অভিলাষা আঁচনিৰ অধীনত আই আই টি গুৱাহাটীৰ ডিপাৰ্টমেণ্ট অৱ ডিজাইনৰ কৰ্মশালা

কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত আই আই টি গুৱাহাটীৰ ডিপাৰ্টমেণ্ট অৱ ডিজাইনে ধেমাজিত আজি অভিলাষা আঁচনিৰ অধীনত এখন কৰ্মশালাৰ আয়োজন কৰে। ধেমাজি জিলা প্ৰশাসনৰ সহযোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত দুদিনীয়াকৈ আয়োজিত কর্মশালাখনি মিছিং স্বায়ত্বশাসিত পৰিষদৰ সদস্য জহান দলে আৰু ধেমাজি জিলা উন্নয়ন ...