December 16, 2025 7:36 PM

views 26

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বাবে শাসকীয় দল বিজেপি আৰু চৰকাৰৰ তৎপৰতা অব্যাহত

অহা ২০ আৰু ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বাবে শাসকীয় দল বিজেপি আৰু চৰকাৰে তৎপৰতা অব্যাহত ৰাখিছে। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে গুৱাহাটী মহানগৰী সুন্দৰকৈ সজাই তোলা হৈছে। ২০ ডিচেম্বৰত শ্রীমোদীয়ে বৰঝাৰ বিমান বন্দৰত এটা নতুন টার্মিনেল মুকলি কৰাৰ লগতে গোপীনাথ বৰদলৈৰ প্রতিমূর্ত...

December 16, 2025 7:16 PM

views 9

মৃত্যুঞ্জয় সেৱা পৰিচালনা কৰা প্রতিষ্ঠানে বৰ্খাস্ত নকৰা কৰ্মচাৰীসকলক কর্তব্যত যোগদান কৰিবলৈ নিৰ্দেশ

ৰাজ্যত মৃত্যুঞ্জয় ১০৮ জৰুৰীকালীন সেৱা পৰিচালনা কৰা প্রতিষ্ঠান GVKEMRI গ্রীণ হেল্থ ছার্ভিচেছে বৰ্খাস্ত নকৰা কৰ্মচাৰীসকলক ২২ ডিচেম্বৰ বা তাৰ আগেয়ে কর্তব্যত যোগদান কৰিবলৈ নিৰ্দেশ দিছে। এই সন্দর্ভত প্রতিষ্ঠানটোৱে নিজৰ স্থিতি স্পষ্ট কৰি আজি কয় যে নির্ধাৰিত সময়সীমাৰ ভিতৰত কৰ্তব্যত যোগদান নকৰা কৰ্মচাৰীসকলক...

December 16, 2025 7:10 PM

views 11

শোণিতপুৰত কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত

শোণিতপুৰ জিলাত চলি থকা বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ অৰ্থে ৰাজ্য চৰকাৰৰ পশুপালন, পশু চিকিৎসা, মীন আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত আজি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত চৰকাৰী আঁচনিসমূ...

December 16, 2025 7:06 PM

views 35

মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত লামডিং আৰু বৰপেটাত ১০ হাজাৰ টকাৰ চেক বিতৰণ

মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লামডিং সমষ্টিৰ মুঠ ২৭ হাজাৰ ৩১০গৰাকী হিতাধিকাৰীক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰে। হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত অনুষ্ঠিত জনসভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যৰ ৩৫ লাখ মহিলাক উদ্যমিতা আঁচনিৰ অধীনত প্রথ...

December 16, 2025 6:58 PM

views 38

শিল্পী স্বাস্থ্য বীমা আঁচনিৰ এটা প’র্টেল আনুষ্ঠানিকভাৱে মুকলি বিমল বৰাৰ

সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি শিল্পী স্বাস্থ্য বীমা আঁচনিৰ এটা প'র্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে। এই প'ৰ্টেলটোৰ জৰিয়তে শিল্পীসকলে ৰাজ্য চৰকাৰৰ শিল্পী স্বাস্থ্য বীমা আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আজিৰ পৰা অহা ৭ জানুৱাৰীল...

December 16, 2025 6:57 PM

views 11

কোকৰাঝাৰত আজি বড়োসকলৰ পৰম্পৰাগত বাথৌ বা খেৰাই পূজা অনুষ্ঠিত

কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত আজি বড়োসকলৰ পৰম্পৰাগত বাথৌ বা খেৰাই পূজা অনুষ্ঠিত হয়। বিশ্ব শান্তি, সমৃদ্ধি আৰু মানৱৰ কল্যাণৰ অৰ্থে এই পূজা-অর্চনা অনুষ্ঠিত হয়। বড়োভূমিৰ লগতে অসমৰ অন্যান্য অঞ্চল আৰু পশ্চিম বংগৰ পৰাও অহা যথেষ্ট সংখ্যক লোকে এই পূজাত অংশগ্ৰহণ কৰে। বি টি চিৰ মুখ্য কার্যবাহী হাগ্রামা মহিলাৰী, ৰাজ্...

December 16, 2025 6:55 PM

views 6

মঙলদৈত আজিৰে পৰা দুদিনীয়াকৈ এখন পুথি চিত্র কর্মশালা আৰু ছবি প্রদর্শনী অনুষ্ঠিত

মঙলদৈৰ অগ্ৰণী সামাজিক অনুষ্ঠান জীপচি গিল্ডৰ উদ্যোগত জাৰকালিৰ অনুষ্ঠান শীর্ষক কাৰ্যসূচীৰ অধীনত আজিৰে পৰা দুদিনীয়াকৈ এখন পুথি চিত্র কর্মশালা আৰু ছবি প্রদর্শনী অনুষ্ঠিত হৈছে। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আলতাফ মজিদৰ সোঁৱৰণত এই ছুটি ছবি প্রদর্শনী অনুষ্ঠিত হৈছে। ৰাষ্ট্রীয় স্বীকৃতিপ্রাপ্ত পুথি চিত্রশিল্পী সু...

December 16, 2025 6:50 PM

views 6

বজালীত বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্য জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক

নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বজালী আৰক্ষীয়ে কালি সন্ধিয়া বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্য জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সমর্থ হয়। বজালী জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্রিনয়ন ভূঞাই আজি এখন সংবাদ মেলত কয় যে বজালী আৰক্ষীয়ে নিৰ্ভৰযোগ্য সূত্ৰৰ ভিত্তিত কালি জিলাখনৰ ৰাজঘাট-কঁহৰা ...

December 16, 2025 6:48 PM

views 8

ভাৰতীয় সৈনিকসকলৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন স্থানত বিজয় দিৱস পালন

১৯৭১ চনৰ ভাৰত পাকিস্তান যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈনিকসকলৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন স্থানত বিজয় দিৱস পালন কৰা হয়। অসম আৰক্ষীয়ে বীৰ ছহিদসকললৈ শ্রদ্ধাঞ্জলি জনাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। একেদৰে ঠায়ে ঠায়ে বীৰ সৈনিকসকলক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে আজিৰ দিনটোতে পাকি...

December 16, 2025 6:43 PM

views 21

অহা ২২ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পৰৱৰ্তী শুনানি

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি গোচৰটোৰ প্ৰথমটো শুনানি গ্রহণ কৰা হয়। শুনানিৰ সময়ত গোচৰটোৰ ৭ জন অভিযুক্তক কাৰাগাৰৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শ...