December 22, 2025 12:10 PM

views 120

অহা ২৯ ডিচেম্বৰত বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰিব গৃহমন্ত্রী অমিত শ্বাহে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ উদ্দেশ্যে নির্মীয়মান বটদ্ৰৱা সাংস্কৃতিক প্রকল্প গৃহমন্ত্রী অমিত শ্বাহে ২৯ ডিচেম্বৰত উদ্বোধন কৰিব। নিৰ্মাণকাৰ্য প্ৰায় সম্পূর্ণ হৈ উঠা প্ৰকল্পটো উদ্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। উল্লেখয...

December 22, 2025 12:08 PM

views 37

মহিলা টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাক ৮ উইকেটত পৰাস্ত ভাৰতৰ

বিশাখাপট্টনমত অনুষ্ঠিত মহিলা টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন খেলত যোৱা নিশা ভাৰতে শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰে। ভাৰতে ১২২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৪ অভাৰ ৪টা বলতে দুটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ জেমিমা ৰ'ড্রিক্সে সৰ্বাধিক ৬৯ আৰু স্মৃতি মান্ধানাই ২৫ ৰান ক...

December 22, 2025 12:05 PM

views 12

নগাঁও আৰু কাৰ্বি আংলং জিলাৰ পৰা ১৯জন অবৈধ প্ৰৱেশকাৰীক নিজ দেশলৈ ওভতাই পঠোৱা হৈছে

অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যুটীয়া প্ৰচেষ্টাত নগাঁও আৰু কাৰ্বি আংলং জিলাৰ পৰা ১৯ জন অবৈধ প্ৰৱেশকাৰীক নিজ দেশলৈ ওভতাই পঠোৱা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ইপিনে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা হোজাই আৰু বিশ্বনাথ জিলাৰ দুগৰাকী ম...

December 22, 2025 12:04 PM

views 11

চলিত বৰ্ষত দ্বিতীয়বাৰলৈ ৰে’লৰ টিকটৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষত দ্বিতীয়বাৰলৈ ৰে'লৰ টিকটৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে। অহা ২৬ ডিচেম্বৰৰ পৰা দূৰনীবটীয়া যাত্ৰীবাহী ৰে'লৰ ভাৰাৰ নতুন নিৰিখ কাৰ্যকৰী হ'ব বুলি ৰে'ল মন্ত্ৰ্যালয়ৰ সূত্ৰত প্ৰকাশ পাইছে। ইয়াৰ পূৰ্বে জুলাইত দূৰণীবটীয়া মেইল আৰু এক্সপ্ৰেছৰ ভাৰা বৃদ্ধি কৰা হৈছিল। প্ৰতি কিলোমিটাৰ...

December 22, 2025 12:03 PM

views 21

কাছাৰ আৰক্ষীৰ অভিযানত ৫১৯ গ্রাম হেৰ’ইনসহ চাৰিজন সৰবৰাহকাৰীক আটক

মাদকদ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰায় প্রতিদিনে আৰক্ষীয়ে বুজন পৰিমাণৰ মাদকদ্রব্য জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক আটক কৰিছে। কাছাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই ৫১৯ গ্রাম হেৰ'ইনসহ চাৰিজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে লোককেইজনক জেৰা অব্যাহত ৰাখিছে।

December 22, 2025 12:01 PM

views 18

বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা তথা বোলছবি নিৰ্মাতা হেমচন্দ্ৰ বৰালৈ ‘অসম নাট্য সন্মিলন বঁটা’

অসম নাট্য সন্মিলনে আগবঢ়োৱা অসম নাট্য সন্মিলন বঁটা এইবাৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা তথা বোলছবি নিৰ্মাতা হেমচন্দ্ৰ বৰালৈ আগবঢ়োৱা হৈছে। অসম নাট্য সন্মিলনৰ কৰ্ণধাৰা সমিতিৰ এখন সভাত কালি এই কথা সদৰী কৰা হয়। সন্মিলনীৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা সপোনটি বৰদলৈ...

December 22, 2025 12:00 PM

views 25

অসমক আহোম ৰাজত্বৰ সোণোৱালী দিনবোৰৰ দৰে শক্তিশালী কৰি তোলা হ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ নতুন যুগৰ সুচনা হৈছে আৰু অসমৰ উন্নয়নৰ যাত্ৰাৰ এয়া আৰম্ভণিহে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নামৰূপ সাৰ কাৰখানাত কালি নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ অসমক আহোম ৰাজত্বৰ সোণোৱাল...

December 22, 2025 11:57 AM

views 14

কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ শুনানি

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি শুনানি গ্ৰহণ কৰা হ'ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বাক্সা আৰু হাফলঙৰ কাৰাগাৰত বন্দী হৈ থকা সাতজন অভিযুক্তক ভার্চুৱেল ব্যৱস্থাৰে আদালতত হাজিৰ কৰোৱা হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত হত্যা সম্পৰ্কীয় ...

December 22, 2025 11:55 AM

views 70

ৰাজ্যৰ ৮১৮গৰাকী ৪০ বছৰ অনূৰ্ধ্ব লেখক-লেখিকাক ‘যুৱ লেখক সন্মান’ৰ বাবে বাছনি

অসমীয়া, বাংলা, বড়ো ভাষাৰ লগতে মিচিং, কাৰ্বি, নেপালীকে ধৰি অসমৰ আন জনগোষ্ঠীয় ভাষাত সাহিত্য চৰ্চা কৰা ৮১৮গৰাকী ৪০ বছৰ অনুৰ্দ্ধ লেখক-লেখিকাক যুৱ লেখক সন্মানৰ বাবে বাছনি কৰা হৈছে। নির্বাচিত লেখক-লেখিকাসকলক অহা ২৪ ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্রন্থমেলা প্ৰ...

December 21, 2025 9:11 PM

views 24

পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰেং নদীৰ ওপৰত নিৰ্মিত পকী দলং কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দ্বাৰা উদ্বোধন

পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকিন্দেং খেৰণি সংযোগী পথৰ আমৰেং নদীৰ ওপৰত নিৰ্মাণ কৰা এখন পকী দলং কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি উদ্বোধন কৰে। প্ৰায় এঘাৰ কোটি ৭২ লাখ টকা ব্যয় সাপেক্ষে এই দলংখন নিৰ্মাণ কৰা হৈছে। নতুন দলংখনে জিৰিকিন্দেং অঞ্চলৰ সৈতে ব্যৱসায়, বাণিজ্য আৰু যোগাযোগ ব্যৱস...