November 22, 2025 8:16 PM

views 18

পাটাছাৰকুছিত আজি ড° ভূপেন হাজৰিকাৰ আৱক্ষ মূর্তি উন্মোচন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বজালী জিলাৰ পাটাছাৰকুছিৰ সুধাতীৰ্থত ভাৰতৰ সন্মানেৰে বিভূষিত ড° ভূপেন হাজৰিকাৰ এটা আৱক্ষ মূর্তি উন্মোচন কৰে। কালদিয়া নৈৰ পাৰত সুধাকণ্ঠৰ এই দৃষ্টিনন্দন আৰু সুবৃহৎ প্রতিমূৰ্তিটো স্থাপন কৰাৰ বাবে ড° শৰ্মাই উদ্যোক্তাসকলৰ শলাগ লয়। পাটাছাৰকুছিত এটি ৰাজহুৱা প্রেক্ষাগৃ...

November 22, 2025 7:19 PM

views 23

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ ট্রান্সমিটাৰটোৰ জৰুৰী মেৰামতিৰ বাবে সাময়িকভাৱে ইয়াৰ প্ৰচাৰণ বন্ধ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ ১০ কিলোৱটি শক্তিসম্পন্ন এফ এম ট্রান্সমিটাৰটোৰ জৰুৰী মেৰামতিৰ বাবে সাময়িকভাৱে ইয়াৰ প্ৰচাৰণ বন্ধ ৰখা হৈছে। বিকল্প ব্যবস্থা হিচাপে বর্তমান এশ বাট শক্তিসম্পন্ন আন এটা ট্রান্সমিটাৰৰ পৰা এফ এম ম'ডত অনুষ্ঠান সূচী প্ৰচাৰ কৰি থকা হৈছে। গুৱাহাটীৰ নৰকাসুৰ পাহাৰত থকা আকা...

November 22, 2025 7:17 PM

views 23

দৃষ্টিপাতত আজি প্রতিযোগিতামূলক পৰীক্ষাত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষার্থীৰ অন্তৰায় সন্দৰ্ভত আলোচনা

সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষার্থীয়ে প্রতিযোগিতামূলক পৰীক্ষাত সফলতা লাভকৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি? বর্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিবেশ কেনে? এনে কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিব এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান। এই অ...

November 22, 2025 7:08 PM

views 18

তিনিদিনীয়া কাৰ্যসূচীৰে দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠিত

দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ইয়াৰ সৈতে সংগতি ৰাখি আজি পৰিবেশ নিকাকৰণ, পতাকা উত্তোলন, শ্রদ্ধাঞ্জলি নিবেদন আদিৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। বিদ্যালয়খন প্ৰতিষ্ঠাৰ ৭৫ বছৰৰ সৈতে সংগতি ৰাখি আজি ৭৫খন ...

November 22, 2025 7:07 PM

views 28

মৰিগাওঁ জিলা সমিতিৰ উদ্যোগত জিলা ভিত্তিক বিজ্ঞান প্রতিযোগিতা অনুষ্ঠিত

আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মৰিগাওঁ জিলা সমিতিৰ উদ্যোগত আজি মৰিগাওঁ শিক্ষণ মহাবিদ্যালয়ত এখন জিলা ভিত্তিক বিজ্ঞান প্রতিযোগিতা অনুষ্ঠিত হয়। অসম বিজ্ঞান প্রযুক্তি আৰু পৰিবেশ পৰিষদৰ অধ্যক্ষ বিশিষ্ট বিজ্ঞানী ড° বিমান বৰুৱাই প্ৰতিযোগিতাখন উদ্বোধন কৰি কয়, যে ছাত্ৰ ছাত্ৰীৰ মাজত কৃত্রিম বুদ্ধিমত্তা ৰ'বটিক শিক্...

November 22, 2025 7:05 PM

views 14

হোজাইত আজি ভাৰতীয় জনতা পার্টীৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত

হোজাই বিহুতলী ৰাজহুৱা খেলপথাৰত ভাৰতীয় জনতা পার্টীৰ আজি বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়কদ্বয় ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্রকে ধৰি দলৰ কেইবাজনো জ্যেষ্ঠ নেতা সভাত উপস্থিত থাকে। সমাগত বিধানসভা নির্বাচনত বিজেপি দলে ১২৬ খন আসনতে প্রতিদ...

November 22, 2025 7:04 PM

views 36

অভয়াপুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ২৩, ৯৪৯ গৰাকী সদস্যাক চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ২৩ হাজাৰ ৯৪৯ গৰাকী সদস্যাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। অভয়াপুৰীৰ অভয়েশ্বৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ড০ শৰ্মাই তেওঁৰ চৰকাৰে ৰাইজক দিয়া ...

November 22, 2025 12:55 PM

views 21

গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত আজি ৬৭ সংখ্যক আকাশবাণী সংগীত সন্মিলন

৬৭ সংখ্যক আকাশবাণী সংগীত সন্মিলন আজি গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্রেক্ষাগৃহত অনুষ্ঠিত হ'ব। সন্ধিয়া ৬ বজাত আৰম্ভ হ'বলগীয়া এই সম্মিলনত যশস্বী শিল্পী মনোজ বৰুৱাই বেহেলা বাদন আৰু গোৱালপৰীয়া লোকগীতৰ শিল্পী জবা চক্ৰৱৰ্তীয়ে লোকগীত পৰিবেশন কৰিব। ঐতিহ্যমণ্ডিত ভাৰতীয় সংগীতধাৰাক বিশ...

November 22, 2025 12:50 PM

views 21

IFFI-ত কালি দুখন চলচ্চিত্ৰৰ প্রদর্শনেৰে ভাৰতীয় পেনোৰামা আৰম্ভ

গোৱাত অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ত কালি দুখন চলচ্চিত্ৰৰ প্রদর্শনেৰে ভাৰতীয় পেনোৰামা আৰম্ভ হয়। চলচ্চিত্র মহোৎসৱৰ আজি তৃতীয় দিনা ইটালিয়ান, বাংলা, অসমীয়া ছবিকে ধৰি বহু প্রসিদ্ধ পৰিচালকৰ ছবি প্ৰদৰ্শন কৰা হ'ব। এছিয়াৰ অন্যতম পুৰণি আৰু সন্মানীয় এই চলচ্চিত্র মহোৎসৱত দেশ-বি...

November 22, 2025 12:46 PM

views 28

গুৱাহাটীত অচিৰেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰা হ’ব : মুখ্যমন্ত্রী

গুৱাহাটীত অচিৰেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰিছে। বিশ্বৰ কেইবাখনো দেশৰ বাবে ভিছাৰ প্ৰক্ৰিয়া পৰিচালনা কৰা ভি এফ এছ গ্ল'বেল নামৰ কোম্পানীটোৱে গুৱাহাটীত ৬০ খনৰো অধিক দেশৰ বাবে ভিছা সুবিধা ক...