November 23, 2025 7:49 PM

views 31

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জোহান্সবার্গত দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচাক সাক্ষাৎ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি জোহান্সবার্গত অনুষ্ঠিত জি-২০ সন্মিলনৰ সুযোগতে দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচাক সাক্ষাৎ কৰে। প্রধানমন্ত্রী মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দক্ষিণ আফ্রিকাই লোৱা প্ৰচেষ্টাৰ শলাগ লয়। দুয়োগৰাকী নেতাই উভ...

November 23, 2025 8:57 PM

views 50

ভাৰত আৰু ইজৰাইলৰ ব্যৱসায় খণ্ডৰ দ্রুত লাভ সুনিশ্চিত কৰাৰ উদ্দেশ্যে প্রস্তাৱিত মুক্ত বাণিজ্য চুক্তি দুটা পর্যায়ত ৰূপায়ণৰ বিষয়টো বিবেচনা কৰি আছেঃ পীযূষ গোৱেল

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে কৈছে যে ভাৰত আৰু ইজৰাইলৰ ব্যৱসায় খণ্ডৰ দ্রুত লাভ সুনিশ্চিত কৰাৰ উদ্দেশ্যে দুয়োখন দেশে তেওঁলোকৰ প্রস্তাবিত মুক্ত বাণিজ্য চুক্তি দুটা পর্যায়ত ৰূপায়ণৰ বিষয়টো বিবেচনা কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিৰ প্ৰথম পৰ্যায়তেই ইয়াক ৰূপায়ণ কৰাটো সম্ভৱ যাতে ই...

November 23, 2025 7:19 PM

views 26

পুৰুষৰ অষ্ট্ৰেলিয়ান অপেন ২০২৫ ছিংগলছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ লক্ষ্য সেনৰ খিতাপ দখল

ছিদনীত অনুষ্ঠিত পুৰুষৰ অষ্ট্ৰেলিয়ান অপেন ২০২৫ ছিংগলছ বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে খিতাপ দখল কৰিছে। এইটো তেওঁৰ বছৰটোৰ প্ৰথমটো খিতাপ হিচাপে পৰিগণিত হৈছে। আজি অনুষ্ঠিত প্রতিযোগিতাৰ চূড়ান্ত খেলখনত ভাৰতৰ খেলুৱৈগৰাকীয়ে জাপানৰ যুশ্বি তানাকাক ২১-১৫, ২১-১১ৰ পোনপটীয়া ছেটত পৰাস্ত কৰে। ...

November 23, 2025 7:16 PM

views 30

ভিয়েটনামৰ বান আৰু গৰাখহনীয়াৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯০লৈ বৃদ্ধি

ভিয়েটনামৰ শেহতীয়া বান আৰু গৰাখহনীয়াৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯০লৈ বৃদ্ধি পাইছে। এই দুৰ্যোগৰ ফলত বৰ্তমানলৈ আন ১২গৰাকী লোক সন্ধানহীন হৈ আছে। ধাৰাসাৰ বৰষুণ আৰু বানৰ ফলত ১, ১৫৪টা বাসগৃহ ক্ষতিগ্রস্ত হোৱাৰ লগতে ৮০,৮০০ হেক্টৰতকৈও অধিক পৰিমাণৰ কৃষিভূমিৰ ধান আৰু অন্যান্য শস্য বানৰ কবলত পৰা বুলি তথ্যত...

November 23, 2025 6:59 PM

views 27

কথাশিল্পী ইমৰাণ শ্বাহৰ ৯৩ সংখ্যক ওপজা দিন উপলক্ষে শিৱসাগৰৰ বাসগৃহত বিশেষ অনুষ্ঠান

বিশিষ্ট কথাশিল্পী ইমৰাণ শ্বাহৰ আজি ৯৩ সংখ্যক ওপজা দিন উপলক্ষে সাহিত্যিকগৰাকীৰ শিৱসাগৰৰ বাসগৃহত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ১৯২৩ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ ধাইআলিত সাহিত্যিকগৰাকীয়ে জন্মগ্ৰহণ কৰিছিল। আজি ওপজা দিন উপলক্ষে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে তেওঁক ফুলাম গামোছা, ফুলৰ থোপা ...

November 23, 2025 6:53 PM

views 33

অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয় পৰীক্ষা পৰিষদৰ সমাৱৰ্তনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয় পৰীক্ষা পৰিষদৰ সমাৱৰ্তনত অংশগ্ৰহণ কৰে। ডাঃ পেগুৱে তেওঁৰ ভাষণত কয়, যে অসম চৰকাৰে বিদ্যালয় শিক্ষা পৰিষদ আৰু অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ মাজত স্বাক্ষৰ কৰা বুজাবুজিৰ চু...

November 23, 2025 6:40 PM

views 24

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰ জিলাৰ ৰাঙাপাৰা সমষ্টিৰ ২৮,৮২৭ গৰাকী হিতাধীকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ জিলাৰ ৰাঙাপাৰাত সমষ্টিটোৰ ২৮,৮২৭ গৰাকী আত্মসহায়ক গোটৰ হিতাধীকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে মহিলা নেতৃত্বাধীন বিকাশ তথা গ্ৰামাঞ্চলৰ সৰ্বাংগীন ...

November 23, 2025 6:37 PM

views 35

শ্ৰমিকসকলৰ কল্যাণৰ বাবে সজাগতাপূর্ণ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যতে শ্রমিক কল্যাণ দিৱস পালন

শ্ৰমিকসকলৰ কল্যাণৰ বাবে সজাগতাপূর্ণ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে আজি সমগ্ৰ ৰাজ্যতে শ্রমিক কল্যাণ দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে বিশিষ্ট শ্রমিক নেতা প্রয়াত সন্তোষ কুমাৰ তপ্নৰ জন্ম বার্ষিকী উপলক্ষে প্ৰতিবছৰে ২৩ নৱেম্বৰৰ দিনটো শ্রমিক কল্যাণ দিৱস হিচাপে পালন কৰি আহিছে। এই উপলক্ষে আজি ডিব্ৰুগড় জিলাৰ চাবুৱা...

November 23, 2025 11:41 AM

views 29

ৰাজ্য চৰকাৰে নিযুত মইনা আঁচনিৰ আর্হিত ল’ৰাসকলৰ বাবেও জানুৱাৰীৰ পৰা এখন নতুন আঁচনি আৰম্ভ কৰাৰ বিষয়ে চিন্তা-চর্চা কৰি আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রকাশ

ৰাজ্য চৰকাৰে নিযুত মইনা আঁচনিৰ আর্হিত ল'ৰাসকলৰ বাবেও জানুৱাৰীৰ পৰা এখন নতুন আঁচনি আৰম্ভ কৰাৰ বিষয়ে চিন্তা-চর্চা কৰি আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। কালি মহিলা উদ্যমিতা আঁচনিৰ অধীনত বঙাইগাঁও জিলাৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ ২৩,৯৪৯ গৰাকী হিতাধিকাৰীলৈ ১০ হাজাৰ টকাকৈ চেক বিতৰণ ...

November 23, 2025 11:34 AM

views 17

সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষার্থীয়ে প্রতিযোগিতামূলক পৰীক্ষাত সফলতা লাভত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি এই বিষয়ত বিশেষ দৃষ্টিপাত অনুষ্ঠান

সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষার্থীয়ে প্রতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি এই বিষয়ত কালি আকাশবাণী গুৱাহাটীৰ এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। অনুষ্ঠানত অংশ লৈ অধিবক্তা তথা সমাজকর্মী কৈলাস চন্দ্র শর্মাই অসম লোকসেৱা আয়োগে প্রশাসনীয় পদৰ বাবে অন...