January 1, 2025 8:55 PM

views 10

গুৱাহাটীত ৩ জানুৱাৰীত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৩খন নতুন ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব

ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৩ জানুৱাৰীত গুৱাহাটীত তিনিখন নতুন ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই ৰে'লগাড়ীকেইখন হৈছে গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত চলাচল কৰিবলগীয়া নতুন জন শতাব্দী এক্সপ্ৰেছ, গুৱাহাটী আৰু নিউ বঙাইগাঁৱৰ মাজত চলাচল কৰিবলগীয়া যাত্ৰীবাহী ৰে'লগাড়ী আৰু তিনিচুকীয়া আৰু নাহৰলগুনৰ মাজত...

January 1, 2025 8:51 PM

views 19

ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত ধৰ্মীয় স্থান, বনভোজথলীসমূহত ব্যাপক জনসমাগম

ইংৰাজী নৱবৰ্ষ ২০২৫-ৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত নৱবৰ্ষ উদযাপনৰ উৎসাহ-উদ্দীপনাই বিৰাজ কৰে। নতুন বছৰটোত নিজৰ লগতে পৰিয়ালৰ কুশল কামনা কৰি নেদেখাজনৰ আশিস ল’বলৈ আজি পুৱাতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম হয়। শিৱসাগৰ জিলাতো ৰাইজে আজি ব্যাপক উ...

January 1, 2025 8:49 PM

views 25

গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত অসম গ্রন্থমেলাত নৱবৰ্ষৰ পহিলা দিনত গ্রন্থপ্ৰেমীৰ ভিৰ

গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্রন্থমেলাত আজি নৱবৰ্ষৰ পহিলা দিন উপলক্ষে অগণন গ্রন্থপ্ৰেমীৰ সমাগম হৈছে। অসম প্ৰকাশন পৰিষদৰ সূত্ৰই প্ৰকাশ কৰা মতে আজি গ্ৰন্থৰ বিক্ৰী যথেষ্ট আশাব্যঞ্জক। আজি বিয়লি গ্রন্থমেলাথলীত লেখক-পাঠকৰ উন্মিলন শীৰ্ষক সমাৰোহৰ আয়োজন কৰা হয়। গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত, কবি, ল...

January 1, 2025 8:48 PM

views 51

অসম জাতীয় বিদ্যালয়ৰ ৩২সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, গ্ৰন্থ উন্মোচন

অসম জাতীয় বিদ্যালয়ৰ ৩২সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি বিশিষ্ট লেখক, নাট্যকাৰ, অভিনেতা তথা ৰাজনীতিবিদ লক্ষ্যধৰ চৌধুৰীৰ বহুপাঠিত গ্রন্থ মানুহ বিচাৰিৰ ইংৰাজী অনুবাদ Commonly Uncommon : Stories We Live With আনুষ্ঠানিকভাৱে উন্মোচন কৰে বি...

January 1, 2025 6:29 PM

views 11

দেশত আজি ONE NATION ONE SUBSCRIPTION আঁচনি আৰম্ভ

চৰকাৰে আজি ONE NATION ONE SUBSCRIPTION আঁচনি আৰম্ভ কৰিছে। একক SUBSCRIPTION মঞ্চৰ অধীনত গৱেষণা পত্ৰ, পত্ৰিকা আৰু শৈক্ষিক বিষয়বস্তুকে ধৰি ডিজিটেল জ্ঞানৰ বিভিন্ন উৎস সহজে উপলভ্য কৰোৱাই এই আঁচনিৰ মূল উদ্দেশ্য। এই আঁচনিয়ে সেৱা লাভৰ বিভিন্ন বাধা দূৰ কৰি আৰু জ্ঞানৰ সমলভ্যতা সুনিশ্চিত কৰি সমগ্ৰ দেশৰ শিক্ষ...

January 1, 2025 6:27 PM

views 17

নৱবৰ্ষ উপলক্ষে দেশৰ জনসাধাৰণলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

সমগ্র বিশ্বই আতচবাজি, সাংস্কৃতিক অনুষ্ঠান আৰু আনন্দ-উল্লাসেৰে ইংৰাজী নৱবৰ্ষ-২০২৫ক আদৰণি জনাইছে। বিশ্বৰ আন প্ৰান্তৰ লগতে ভাৰততো উৎসাহ-উদ্দীপনাৰে নৱবৰ্ষ উদযাপন কৰা দেখা গৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱবৰ্ষ উপলক্ষে দেশৰ জনসাধাৰণলৈ ...

January 1, 2025 6:26 PM

views 10

প্ৰতিৰক্ষা খণ্ডৰ বৰ্তমান-ভৱিষ্যতৰ সংস্কাৰত গতি প্ৰদানৰ উদ্দেশ্যে ২০২৫ বৰ্ষ সংস্কাৰৰ বৰ্ষ হিচাপে ঘোষণা

প্ৰতিৰক্ষা খণ্ডৰ বৰ্তমান আৰু ভৱিষ্যতৰ সংস্কাৰত গতি প্ৰদানৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে ২০২৫ বৰ্ষ সংস্কাৰৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি, প্ৰকল্প আৰু সংস্কাৰৰ প্ৰগতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সচিবসকলৰ সৈতে এখ...

January 1, 2025 6:25 PM

views 14

দেশত আজিৰে পৰা ৰে’লৰ নতুন সময়সূচী কাৰ্যকৰী, ৪৩খন ৰে’লৰ যাত্ৰাকাল দুঘণ্টাপর্যন্ত হ্রাস

সমগ্ৰ দেশতে আজিৰে পৰা ৰে'লৰ নতুন সময়সূচী কাৰ্যকৰী হৈছে। এই নতুন সময়সূচীত উত্তৰ-পূব সীমান্ত ৰে’লৰ অধীনত চলাচল কৰা মুঠ ৪৩খন ৰে’লগাড়ীৰ বেগ দ্রুত হোৱাৰ ফলত যাত্ৰাকাল দুঘণ্টা পর্যন্ত হ্রাস পাব। যাত্রাকাল হ্ৰাস পাবলগীয়া ৰে'লগাড়ীসমূহৰ ভিতৰত নিউ তিনিচুকীয়া আৰু বাংগালুৰুৰ মাজত চলাচল কৰা ২২৫০১ নম্বৰ এক্...

January 1, 2025 6:23 PM

views 12

প্ৰয়াগৰাজত অহা ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ মহাকুম্ভমেলা

বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক সমাগমৰ অনুষ্ঠান মহাকুম্ভমেলা বিশ্বাস, সংস্কৃতি আৰু প্ৰাচীন পৰম্পৰাৰ অপূৰ্ব সমন্বয়থলী হিচাপে বিবেচিত হৈ আহিছে। হিন্দু ধর্মীয় বিশ্বাস অনুসৰি এই পৱিত্ৰ উৎসৱ ১২ বছৰৰ পাছত চাৰিখন পৱিত্ৰ নগৰী হৰিদ্বাৰ, উজ্জয়িনী, নাচিক আৰু প্ৰয়াগৰাজত আয়োজন কৰা হয় ৷ প্ৰতিখন নগৰীয়ে ভাৰতৰ আটা...

January 1, 2025 4:22 PM

views 21

অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

বতৰৰ বতৰা বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। অসমকে ধৰি আটাইকেইখন ৰাজ্যক ঘন কুঁৱলীয়ে আৱৰি ৰখাৰ সম্ভাৱনা আছে। অৰুণ...