January 3, 2025 9:32 PM

views 22

কলাক্ষেত্ৰত ৰামধেনু উৎসৱৰ দ্বিতীয়টো দিনত পুতলা নাচ আৰু সত্ৰীয়া বৈভৱ শীৰ্ষক বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চলি থকা কলাক্ষেত্ৰ ৰামধেনু উৎসৱৰ আজি দ্বিতীয় দিনা পুতলা নাচ আৰু সত্ৰীয়া বৈভৱ শীৰ্ষক বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ শিল্পী পেন্সন লাভ কৰা বিশিষ্ট পুতলা নাট শিল্পী অবনী শৰ্মাই পৰিচালনা কৰা অভিশপ্ত অজগৰ নাটখনে দর্শকক আপ্লুট কৰে। একেদৰে মাজুলীৰ উত্...

January 3, 2025 8:13 PM

views 18

ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয় ভৱন উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা জিলাৰ দুধনৈৰ উদয়পুৰত ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয় ভৱন উদ্বোধন কৰে। ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনিক প্রয়োজনীয়তা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে পৰিষদৰ এটা সংগ্ৰহালয় আৰু ৰাভা ৰজা...

January 3, 2025 8:09 PM

views 38

অসম আৰক্ষীৰ ২০২ টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপ-নিয়ন্ত্ৰক পদৰ বাবে দেওবাৰে লিখিত পৰীক্ষা

  অসম আৰক্ষীৰ ২০২ টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপ-নিয়ন্ত্ৰক পদৰ বাবে পৰহিলৈ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। ২০২ টা উপ-পৰিদৰ্শকৰ পদৰ ভিতৰত ১৪৪টা ইউ বি, ৫১টা এ বি, ৭টা কমিউনিকেচন আৰু এটা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহকাৰী উপ-নিয়ন্ত্রক পদ অন্তৰ্ভুক্ত আছে। পৰীক্ষা সুকলমে ...

January 3, 2025 8:05 PM

views 22

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীত আয়োজিত অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰটো আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা কৰে। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই বি টি আৰৰ জনসাধাৰণৰ দীৰ্ঘ দিনীয়া সপোন পূৰণ কৰিলে বুলি ক...

January 3, 2025 8:02 PM

views 11

তেতেলীয়াৰ ৰে’লপথৰ ওপৰত নিৰ্মাণ কৰা পথ উৰ্ণসেতু উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

কেন্দ্ৰীয় ৰে'ল তথা বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুৱাহাটীৰ সমীপৰ তেতেলীয়াৰ ৰে'লপথৰ ওপৰত নিৰ্মাণ কৰা এখন পথ উৰ্ণসেতুও আজি উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ মৰিগাঁও জিলাৰ জাগীৰোডত নিৰ্মাণৰত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কামকাজ পৰিদৰ্শন কৰে।

January 3, 2025 8:00 PM

views 18

নতুন জন শতাব্দী এক্সপ্ৰেছ ৰে’লৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুৱাহাটীত ভাৰতীয় ৰে'লৱেই গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত চলাচল কৰোৱাৰ সিদ্ধান্ত লোৱা নতুন জন শতাব্দী এক্সপ্ৰেছ ৰে'লখনৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ৰে'লমন্ত্ৰীগৰাকীয়ে আজি পতাকা জোকাৰি তিনিচুকীয়া-নাহৰলগুন এক্সপ্ৰেছ আৰু গুৱাহাটী-নিউ বঙাইগাঁও যাত্ৰ...

January 3, 2025 12:56 PM

views 20

নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ অশোক বিহাৰত বস্তি এলেকাত বাস কৰা লোকৰ বাবে নিৰ্মাণ কৰা প্ৰায় এহেজাৰ ৭০০টা বাসগৃহ মুকলি কৰিব আৰু হিতাধিকাৰীসকলক বাসগৃহৰ চাবি প্ৰদান কৰিব। এই নৱনিৰ্মিত বাসগৃহসমূহৰ উদ্বোধনৰ লগে লগে দিল...

January 3, 2025 12:54 PM

views 33

ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্রতিষ্ঠানৰ সোণালী জয়ন্তী সমাৰোহত ৰাষ্ট্ৰপতিৰ অংশগ্রহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্রতিষ্ঠান NIMHANSৰ সোণালী জয়ন্তী সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিষ্ঠানখনৰ মনোৰোগ চিকিৎসা খণ্ড, কেন্দ্ৰীয় পৰীক্ষাগাৰ চৌহদ আৰু ছাত্ৰাবাস উ...

January 3, 2025 12:50 PM

views 13

দেশৰ দূৰ-দূৰণিৰ আওহতীয়া অঞ্চললৈকো আকাশবাণীৰ প্ৰচাৰ বিস্তৃত কৰাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰজ্ঞা পালিৱাল গৌড়ৰ

আকাশবাণীৰ সঞ্চালকপ্ৰধান শ্ৰীমতী প্ৰজ্ঞা পালিৱাল গৌড়ে দেশৰ দূৰ-দূৰণিৰ আওহতীয়া অঞ্চললৈকো আকাশবাণীৰ প্ৰচাৰ বিস্তৃত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দুদিনীয়া ভ্রমণসূচীৰে কালি গুৱাহাটীলৈ অহা সঞ্চালক প্ৰধানগৰাকীয়ে আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰি কয়, যে এই উদ্দেশ্যেৰ...

January 3, 2025 12:46 PM

views 37

গুণাৰাম খনিকৰৰ বনৌষধী উদ্যান আৰু সংগ্ৰাহালয়ৰ পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা বাংগালুৰুৰ ইকম চায়েন্স কনচাল্টিটং প্রাইভেট লিমিটেডৰ

বাংগালুৰুৰ ইকম চায়েন্স কনচাল্টিটং প্রাইভেট লিমিটেড নামৰ এটা কোম্পানী গোলাঘাটৰ গুণাৰাম খনিকৰ বনৌষধী উদ্যান আৰু সংগ্ৰাহালয়ৰ পুনৰুজ্জীৱিতকৰণৰ বাবে আগবাঢ়ি আহিছে। ইয়াৰ বাবে কালি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ বিজ্ঞানীসহ এটা বিশেষ দল গোলাঘাটত উপস্থিত হয়। বিশেষজ্ঞ দলটোৱে প্রথমে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ...