January 4, 2025 12:11 PM

views 13

ৰাজ্যৰ আটাইকেইখন বিশ্ববিদ্যালয়তে এখনেই শৈক্ষিক দিনপঞ্জী প্ৰস্তুতৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰস্তাৱ

অসমত সুস্থ শৈক্ষিক পৰিৱেশ স্থাপনৰ উদ্দেশ্যে আটাইকেইখন বিশ্ববিদ্যালয়তে এখনেই শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰাৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম শাখাই প্ৰস্তাৱ দিছে। এই উদ্দেশ্যে কালি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসমৰ এটা প্ৰতিনিধি দলে ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যক সাক্ষাৎ কৰে। অসমৰ ৰাজ্যিক ...

January 4, 2025 12:10 PM

views 27

অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ড, আৰু মণিপুৰৰ বতৰ আজি ফৰকাল হৈ থাকিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, আৰু মণিপুৰৰ বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি আজি আৰু কাইলৈ অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰিব। আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা...

January 4, 2025 12:09 PM

views 19

প্ৰতিবছৰে ১৩ মে’ত অন্ধবিশ্বাসবিৰোধী দিৱস পালনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে প্ৰতিবছৰে ১৩ মে'ত অন্ধবিশ্বাসবিৰোধী দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ মৃত্যুৰ দিনটো এনেদৰে পালন কৰিবলৈ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে মহিলা আৰু শিশু বিকাশ বিভাগে অধিসূচনা জাৰি কৰিছে। অধিসূচনাখ...

January 4, 2025 12:03 PM

views 20

জোনাইৰ পবা অভায়ৰণ্যৰ লালী নৈৰ বালিচাপৰিত ১০-১২ জানুৱাৰীলৈ দ্বিতীয় পবা মহোৎসৱ

জোনাইৰ পবা অভায়ৰণ্যৰ লালী নৈৰ বালিচাপৰিত তিনি দিনীয়া কাৰ্যসূচীৰে দ্বিতীয় পবা মহোৎসৱৰ আয়োজন কৰা হৈছে। মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু জোনাইবাসী ৰাইজৰ সহযোগত ১০ৰ পৰা ১২ জানুৱাৰীলৈ বিভিন্ন কাৰ্যসূচীৰে এই মহোৎসৱ আয়োজিত হ'ব। উল্লেখযোগ্য যে, কিছু দিন পূর্বে পবা অভায়ৰণ্যই বন্যপ্রাণী অভায়ৰণ্যৰ স্বীকৃত...

January 4, 2025 12:02 PM

views 14

সোণাৰিত তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ

চৰাইদেউ জিলা সদৰ সোণাৰি নগৰৰ কাষৰীয়া চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত বিজয় ৰাজকোঁৱৰে বৰ অসমৰ প্ৰণেতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ নীতি আৰু আদৰ্শৰে পৰিচালিত হোৱা টাই আহোম যুৱ পৰ...

January 4, 2025 11:58 AM

views 17

নতুন দিল্লীত গ্রামীণ ভাৰত মহোৎসৱ উদ্বোধন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত গ্রামীণ ভাৰত মহোৎসৱ ২০২৫ উদ্বোধন কৰে। এই উপলক্ষে প্রধানমন্ত্রীয়ে অনুষ্ঠানত জনসাধাৰণক উদ্দেশ্যি ভাষণ দিয়ে। এই মহোৎসৱৰ লক্ষ্য হৈছে গ্রাম্য আন্তঃগাঁথনি উন্নীতকৰণ, আত্মনিৰ্ভৰশীল অৰ্থনীতিৰ সৃষ্টি আৰু গ্রাম্য সমুদায়ৰ মাজত উদ্ভাৱনীমূলক ধাৰণাক উৎসাহিত কৰা। এ...

January 4, 2025 11:57 AM

views 18

নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু মালদ্বীপৰ বিদেশ মন্ত্ৰী ড০ আব্দুলা খলিলৰ দ্বিপাক্ষিক বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু মালদ্বীপৰ বিদেশ মন্ত্ৰী ড০ আব্দুলা খলিলে কালি নতুন দিল্লীত দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ড০ জয়শংকৰে সাগৰ দৰ্শন আৰু ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিৰ অধীনত দ্বীপৰাষ্ট্ৰখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ কথা দোহাৰি দেশখনলৈ সমৰ্থন অব্যাহত ৰখাৰ আশ্বাস দিয়ে। দুগৰাকী নেতাই...

January 4, 2025 11:56 AM

views 19

নতুন দিল্লীত ভাৰত-ইৰানৰ ১৯সংখ্যক বিদেশ মন্ত্ৰালয় পৰ্যায়ৰ পৰামৰ্শ বৈঠক

ভাৰত আৰু ইৰানৰ মাজত কালি নতুন দিল্লীত ১৯ সংখ্যক বিদেশ মন্ত্ৰালয় পৰ্যায়ৰ পৰামৰ্শ বৈঠক অনুষ্ঠিত হয়। বৈঠকত চাবাহাৰ বন্দৰ, কৃষি সহযোগিতা বাণিজ্য আৰু অৰ্থনীতিৰ লগতে সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত সম্পর্ককে ধৰি দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়ত পর্যালোচনা কৰা হয়। বিদেশ সচিব বিক্ৰম মিশ...

January 4, 2025 11:55 AM

views 18

চলিত বছৰত দেশৰ গাঁওসমূহক দৰিদ্ৰতামুক্ত কৰি তোলাৰ বাবে গ্ৰাম্য উন্নয়ন মন্ত্ৰ্যালয় প্ৰতিশ্ৰুতিবদ্ধঃ শিৱৰাজ সিং চৌহান

গ্রাম্য উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, যে তেওঁৰ মন্ত্ৰ্যালয় চলিত বছৰৰ ভিতৰত দেশৰ গাঁওসমূহক দৰিদ্ৰতামুক্ত কৰি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। নতুন দিল্লীত কালি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত মন্ত্ৰ্যালয়ৰ বিভিন্ন আঁচনিসমূহৰ পৰ্যালোচনা বৈঠকত তেওঁ এই ...

January 4, 2025 11:54 AM

views 19

আয়ুষ ব্যৱস্থাক আধুনিক চিকিৎসাৰ সৈতে একত্ৰিত কৰাৰ বাবে স্বাস্থ্য সেৱা খণ্ডত নীতিৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা হৈছেঃ জে পি নাড্ডা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কয়, যে আয়ুষ ব্যৱস্থাক আধুনিক চিকিৎসাৰ সৈতে একত্ৰিত কৰাৰ বাবে স্বাস্থ্য সেৱা খণ্ডত নীতিৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা হৈছে। বেংগালুৰুত কালি স্বামী বিবেকানন্দ যোগ অনুসন্ধান সংস্থানে স্থাপন কৰা স্কুল অৱ এডভান্স ষ্টাডিজৰ নতুন চৌহদ মুকলি কৰি শ্...