January 4, 2025 7:05 PM

views 50

নতুন দিল্লীত ভুল পানীৰ মাচুলৰ জাননী পোৱাসকলক মাচুল আদায় নিদি অপেক্ষা কৰিবলৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ আহ্বান

নতুন দিল্লীত ভুল পানীৰ মাচুলৰ জাননী পোৱা লোকসকলে মাচুল আদায় নিদি অপেক্ষা কৰিবলৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে আহ্বান জনাইছে। তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত দিল্লীৰ ১২ লাখৰো অধিক পৰিয়ালৰ পানীৰ মাচুল শূন্য আছিল আজি নতুন দিল্লীত এখন সংবাদমেলত শ্রী কেজৰিৱালে দৃঢ়তাৰে প্ৰকাশ কৰে ৷

January 4, 2025 7:01 PM

views 19

ভাৰতৰ অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াতকৈ ১৪৫ ৰানৰ অগ্ৰগতি

ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চিডনীত অনুষ্ঠিত ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ৬ উইকেটৰ বিনিময়ত দ্বিতীয় ইনিংছত ১৪১ ৰান সংগ্ৰহ কৰে । ভাৰত অষ্ট্ৰেলিয়াতকৈ সামগ্ৰিকভাৱে ১৪৫ ৰানত আগবাঢ়ি আছে। দিনান্তত ৰবীন্দ্ৰ জাদেজাই ৮ আৰু ৱাশ্বিংটন সুন্দৰে ৬ ৰান ...

January 4, 2025 6:57 PM

views 19

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱৰ শিখা তেজস্বীনী উত্তৰাখণ্ডৰ বাগেশ্বৰত উপস্থিত

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱৰ শিখা তেজস্বীনী আজি উত্তৰাখণ্ডৰ বাগেশ্বৰত উপস্থিত হয়। জিলা ক্রীড়া বিষয়া আৰু খেল অনুৰাগীসকলে এই শিখাক বিপুলভাৱে আদৰণি জনায়। উত্তৰাখণ্ডত এই মাহৰ শেষ ভাগলৈ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্রীড়া অনুষ্ঠিত হ'ব। উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামিয়ে যোৱা ২৬ ডিচেম্ব...

January 4, 2025 6:51 PM

views 21

শিশুসকলক পৰীক্ষাৰ হেঁচা নল’বলৈ, জীৱনক লৈ উৎসাহী হ’বলৈ আহ্বান কেন্দ্ৰীয়ট মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শিশুসকলক পৰীক্ষাৰ হেঁচা নল'বলৈ আৰু জীৱনক লৈ উৎসাহী হ'বলৈ আহ্বান জনাইছে। নতুন দিল্লী নগৰ পালিকা পৰিষদে আয়োজন কৰা EXAM WARRIORS আর্ট উৎসৱত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে আহ্বান জনায়। শ্ৰী বৈষ্ণৱে কয়, যে অভিনেতা আৰু খেলুৱৈ সকলে কামৰ প্ৰতি থকা নিষ্ঠা...

January 4, 2025 6:49 PM

views 14

জ্যেষ্ঠ বিজ্ঞানী আৰু ভাৰতৰ পাৰমানৱিক কাৰ্যসূচীৰ অন্যতম স্থপতি ড০ ৰাজাগোপাল চিদাম্বৰমৰ দেহাৱসান

জ্যেষ্ঠ বিজ্ঞানী আৰু ভাৰতৰ পাৰমানৱিক কাৰ্যসূচীৰ অন্যতম স্থপতি ড০ ৰাজাগোপাল চিদাম্বৰমৰ আজি পুৱতি নিশা মুম্বাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। ৮৮ বছৰীয়া বিজ্ঞানীগৰাকী ভালেমান দিন ধৰি অসুস্থ হৈ আছিল। ড০ চিদাম্বৰমে ভাৰতৰ পাৰমাণৱিক অস্ত্ৰ প্ৰকল্প গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৭৪ চনত ভাৰতে...

January 4, 2025 6:28 PM

views 29

অতি পুৰণি শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰৰ উন্নীতকৰণৰ বাবে বি টি চি পৰিষদৰ আৰ্থিক অনুদান

বাক্সা জিলাৰ জালাহত আজি বি টি আৰৰ প্ৰধান প্রমোদ বড়োৱে অঞ্চলটোৰ অতি পুৰণি শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰৰ উন্নীতকৰণৰ বাবে বি টি চি পৰিষদৰ আৰ্থিক অনুদানেৰে মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বি টি আৰৰ প্ৰধান প্রমোদ বড়োৱে কয় যে মছলপুৰ শালবাৰীৰ মধ্যস্থানত অৱস্থিত জালাহৰ উন্নতিৰ বাবে ইতিম...

January 4, 2025 6:23 PM

views 18

দুৰ্যোগত সাৱধানতাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে তেজপুৰত বাটৰ নাট অভিযান

জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, শোণিতপুৰ আৰু এডুপুৰ ছ'চাইটি, তেজপুৰৰ যৌথ উদ্যোগত দুৰ্যোগৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে তেজপুৰত আজি বাটৰ নাট অভিযানৰ উদ্বোধন কৰা হয়। তেজপুৰ কৰ্ট চাৰিআলিত অনুষ্ঠিত এই অনুষ্ঠানটো তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথিৰাজ ৰাভাই উদ্বোধন কৰে।...

January 4, 2025 6:20 PM

views 20

খাৰঘূলিৰ পাইপ বিস্ফোৰণত ক্ষতিগ্ৰস্ত ২৩টা পৰিয়ালক ক্ষতিপূৰণ প্ৰদান

গুৱাহাটীৰ খাৰঘূলি অঞ্চলত সংঘটিত পানী যোগান পাইপ বিস্ফোৰণত ক্ষতিগ্ৰস্ত ২৩টা পৰিয়ালক আজি জল বৰ্ডৰ তৰফৰ পৰা ক্ষতিপূৰণ প্ৰদান কৰা হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সামাজিক মাধ্যম যোগে জনোৱা অনুসৰি আংশিকভাৱে ক্ষতিগ্ৰস্ত ২৩টা পৰিয়ালক ১১লাখ ৯৬ হাজাৰ ৫০০ টকাৰ ক্ষতিপূৰণ দিয়া হয়। গ...

January 4, 2025 6:14 PM

views 18

পাৰ্থ সাৰথি মহন্তৰ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্রহণ

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে আজি পাৰ্থ সাৰথি মহন্তই আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰে। শীৰ্ষ আৰক্ষী বিষয়া মহন্তই নতুন দায়িত্ব গ্ৰহণ কৰি গুৱাহাটীবাসীৰ বাবে এটা নতুন হেল্পলাইন নম্বৰ মুকলি কৰে। ওজ আপত্তি তথা সমস্যাৰ বিষয়ে জনোৱাৰ বাবে ৬০২৬৯-০০৬৫১ ৱাটছআপ নম্বৰ মুকলি কৰাৰ বিষয়ে তেওঁ জানিবলৈ দিয়ে।এ...

January 4, 2025 6:08 PM

views 31

ভাৰত-ইৰাণৰ মাজত ১৯ সংখ্যক বিদেশ মন্ত্ৰ্যালয় পৰ্যায়ৰ পৰামৰ্শ বৈঠক

ভাৰত আৰু ইৰাণৰ মাজত কালি নতুন দিল্লীত ১৯ সংখ্যক বিদেশ মন্ত্ৰ্যালয় পৰ্যায়ৰ পৰামৰ্শ বৈঠক অনুষ্ঠিত হয়। বৈঠকত চাবাহৰ বন্দৰ, কৃষি সহযোগিতা বাণিজ্য আৰু অৰ্থনীতিৰ লগতে সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত সম্পর্ককে ধৰি দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়ত পর্যালোচনা কৰা হয়। বিদেশ সচিব বিক্রম মি...