January 11, 2025 1:27 PM

views 14

অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰাত অহা ২৪ ঘণ্টাত ঘন কুঁৱলীৰ লগতে বতৰ ফৰকাল থাকিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে ঘন কুঁৱলী পৰাৰ লগতে বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব বুলি আগলি বতৰা জাৰি কৰিছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহত প...

January 11, 2025 1:24 PM

views 10

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পর্যালোচনাৰে মন্ত্ৰী অশোক সিংহলৰ বৈঠক

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি ডিব্ৰুগড়ত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্রীগৰাকীয়ে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ কাম-কাজ সবিস্তাৰে পৰ্যালোচনা কৰে। এই পর্যালোচনা বৈঠকত জিলাকেইখনৰ আয়ুক্তসকলৰ উপৰি স্ব...

January 11, 2025 12:25 PM

views 14

নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিকশিত ভাৰত যুৱ নেতা বৈঠকত কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৩ হাজাৰ যুৱ নেতাৰে বাৰ্তালাপ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিকশিত ভাৰত যুৱ নেতা বৈঠকত অংশগ্ৰহণ কৰিব। ভাৰতৰ মহান আধ্যাত্মিক নেতা তথা যুৱ আইকন স্বামী বিবেকানন্দৰ জন্মবার্ষিকী উপলক্ষে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়। এই বৈঠকত প্রধানমন্ত্রী মোদীয়ে সমগ্ৰ দেশৰ ৩ হাজাৰ সক্...

January 11, 2025 12:24 PM

views 20

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কালি ৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল; ১৭ জানুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাছতে মনোনয়ন প্রক্রিয়া কালি আৰম্ভ হয়। মনোনয়নৰ কালি প্ৰথম দিনা বিভিন্ন বিধানসভা সমষ্টিৰ ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে। অহা ১৭ জানুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন। ইফালে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিজ...

January 11, 2025 12:22 PM

views 7

চীনে তিব্বতত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে অৰুণাচলৰ চিয়াং নদীত বহুমুখী প্রকল্প নিৰ্মাণৰ গুৰুত্ব বৃদ্ধি

চীনে তিব্বতত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ চিয়াং নদীত বহুমুখী প্রকল্প নিৰ্মাণৰ গুৰুত্ব বৃদ্ধি পাইছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে কালি পশ্চিম চিয়াং জিলাৰ আল’ত গালো কল্যাণ সমাজৰ ৰূপালী জয়ন্তী উদযাপনৰ উদ্বোধনী অনুষ্ঠিত ...

January 11, 2025 12:21 PM

views 8

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শৰে প্ৰয়াগৰাজৰ মহাকুম্ভক সফল কৰি তুলিব পৰা যাবঃ যোগী আদিত্যনাথ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কালি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে শ্রীমোদীৰ পৰামৰ্শৰে প্ৰয়াগৰাজৰ মহাকুম্ভক সফল কৰি তুলিব পৰা যাব। মহাকুম্ভই নৱ ভাৰতক আধ্যাত্মিক আৰু ডিজিটেল ৰূপত প্ৰদৰ্শনৰ জৰিয়তে দেশৰ চিৰন...

January 11, 2025 12:19 PM

views 16

মহাৰাষ্ট্ৰৰ জলাশয়সমূহৰ সংৰক্ষণ সন্দৰ্ভত ব’ম্বে উচ্চ ন্যায়ালয়ৰ ৰাজহুৱা স্বার্থ জড়িত গোচৰ ৰুজু

ব'ম্বে উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ জলাশয়সমূহৰ সংৰক্ষণ সন্দৰ্ভত নিজাববীয়াকৈ এটা ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰি শুনানিৰ ব্যৱস্থা কৰিছে। মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায় আৰু ন্যায়াধীশ অমিত বৰকাৰৰ খণ্ড বিচাৰপীঠে উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশৰ ভিত্তিত এই শুনানিৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে ২০...

January 11, 2025 12:16 PM

views 10

ইণ্ডিয়ান ছুপাৰ লীগৰ গুৱাহাটীত অনুষ্ঠিত পঞ্জাৱ এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ খেল ১-১ গ’লত ড্ৰ’

ইণ্ডিয়ান ছুপাৰ লীগৰ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত পঞ্জাৱ এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মাজৰ খেলখন ১-১ গ’লত অমীমাংসিত হৈ ৰয়। নর্থ ইষ্টে খেলখনৰ ২৪ মিনিটত আলাএদ্দিন আজাৰাইৰ জৰিয়তে দিয়া গ’লটোৰে অগ্রগতি লাভ কৰিছিল যদিও যদিও পঞ্জাবৰ খাইমিন্থাং লুংডিমে ৮২ মিনিটত ...

January 10, 2025 9:13 PM

views 18

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনত বিকশিত ভাৰতৰ বাবে সকলো সমস্যাৰ সমাধান হোৱাটো বিচাৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনত বিকশিত ভাৰতৰ বাবে সকলো সমস্যাৰ সমাধান হোৱাটো বিচাৰে। তেওঁ সকলো চৰকাৰী আঁচনি সামাজিক ন্যায় আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰকৃত ৰূপ বুলি অভিহিত কৰি আঁচনিসমূহৰ ১০০ শতাংশ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উদ্যোগী নিখিল কামাথৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে ...

January 10, 2025 9:12 PM

views 15

দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰক অধিক প্ৰসাৰিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পৰিসৰৰ সংস্কাৰ কাৰ্যসূচী গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰক অধিক প্ৰসাৰিত কৰাৰ বাবে বৃহৎ পৰিসৰৰ সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এৰো ইণ্ডিয়া ২০২৫ৰ পূৰ্বে নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰদূতসকলৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি এই কথা প্রকাশ কৰে। তেওঁ দৃঢ়তাৰে কয় যে প্ৰতিৰক্ষা ক্ষ...