January 12, 2025 12:15 PM

views 28

আকাশবাণীৰ বাতৰিয়ে সাম্প্ৰতিক সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজৰ মান বৰ্তাই ৰাখি আগবাঢ়ি যাব লাগিব বুলি আই আই এম চিৰ আইজলৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীৰ প্ৰকাশ

আকাশবাণীৰ বাতৰিয়ে সাম্প্ৰতিক সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজৰ মান বৰ্তাই ৰাখি আগবাঢ়ি যাব লাগিব। কালি দৃষ্টিপাত অনুষ্ঠানত ভাৰতীয় গণসংযোগ প্রতিষ্ঠান চমুকৈ আই আই এম চিৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীয়ে এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে পৰিৱৰ্তিত সময়ৰ লগত খাপ খোৱাকৈ পৰিবেশনশৈলীৰ কিছু ...

January 12, 2025 12:10 PM

views 21

নগাঁও জিলাৰ ৰধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৫ সংখ্যক জয়ন্তী পালন

নগাঁও জিলাৰ পুৰণিগুদামৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৫ সংখ্যক জয়ন্তী আৰু শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত কালি মুঠ ৯৫ খন পতাকা উত্তোলন কৰা হয়। শিক্ষক- সাহিত্যিক ফনীন্দ্র নাথ গায়ন আৰু শিক্ষক তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ বিপুল চন্দ্ৰ মজুমদাৰে শতবৰ্ষৰ আ...

January 12, 2025 12:08 PM

views 14

২১ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ ডিব্ৰুগড়ৰ লাঙি গদাপানী ক্ষেত্ৰত টাই সাংস্কৃতিক সন্মিলন

ডিব্ৰুগড়ৰ টেঙাখাতৰ লাঙি গদাপানী ক্ষেত্ৰত অহা ২১ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ টাই সাংস্কৃতিক সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত কেইবাখনো দেশব প্রতিনিধিয়ে ভাগ ল'ব। অৰুণাচলৰ উপ-মুখ্যমন্ত্রী চৌনা মিনিয়ে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। বিশ্বৰ বিভিন্ন স্থানত থকা টাই জনগোষ্ঠীৰ লোকসকলৰ মাজত সংস্কৃতিৰ আদান-প্ৰদান ...

January 12, 2025 12:02 PM

views 32

বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীৰ বড়ো ভাষাত বিশ্বকোষ প্ৰকাশৰ পৰিকল্পনাৰ কথা উল্লেখ

বড়ো সাহিত্য সভাৰ বড়ো ভাষাত এখন বিশ্বকোষ প্ৰকাশৰ পৰিকল্পনা কৰিছে। ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ কালি তৃতীয় দিনা পতাকা উত্তোলন কৰি দিয়া ভাষণত সভাপতি ড০ সুৰথ নাৰ্জাৰীয়ে এই কথা প্রকাশ কৰে। বড়ো ভাষাৰ উত্তৰণৰ বাবে তথা নৱ প্ৰজন্মই ভাষাটো শুদ্ধৰ...

January 12, 2025 11:59 AM

views 25

জাগীৰোডৰ জোনবিলৰ পাৰত  ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। মেলা সমিতিয়ে ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদর্শন দেখিবলৈ পোৱা ...

January 12, 2025 11:56 AM

views 16

ফ্ৰান্সত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত সোমবাৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক স্বীকৃতিপত্র আনুষ্ঠানিকভাৱে প্ৰদান কৰিব

ফ্ৰান্সত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত কাইলৈ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক স্বীকৃতিপত্র আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। সাংস্কৃতিক মন্ত্রী বিমল বৰাই কালি এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকী এই সন্মান গ্রহণৰ বাবে ইতিমধ্যে ফ্রান্সলৈ ৰাওনা হৈছে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্...

January 12, 2025 11:53 AM

views 19

১৬ জানুৱাৰীত মৰিগাঁৱত পোনপ্ৰথমবাৰৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠক

১৬ জানুৱাৰীত মৰিগাঁৱত পোনপ্ৰথমবাৰৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যৰ জনসংযোগ, সংসদীয় পৰিক্রমা, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই কালি মৰিগাঁও ভ্ৰমণৰ সময়ত এইকথা প্ৰকাশ কৰে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, মৰিগাওঁৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ সৈতে মন্...

January 12, 2025 11:49 AM

views 20

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিচৰা ৰাজ্যৰ ৫১২ গৰাকী শিক্ষাৰ্থীৰ বাবে ৰাজভৱনৰ পৰা প্ৰশিক্ষণৰ ব্যৱস্থা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বিচৰা ৰাজ্যৰ ৫১২ গৰাকী শিক্ষাৰ্থীৰ বাবে ৰাজভৱনৰ পৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ভোগালী বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জনাই কালি এই কথা প্ৰকাশ কৰে। ৰাজভৱনত কালি আয়োজন কৰা প্ৰাক ভোগালী উৎসৱত সংবাদ মাধ্যমৰ লোকসকলৰ সৈ...

January 12, 2025 11:42 AM

views 16

ৰাজ্যবাসীক মিলাপ্ৰীতিৰে ভোগালী উৎসৱ পালন কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বান

ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো আজিৰ দিনটো থকা অৱস্থাত ৰাজ্যজুৰি এতিয়া ভোগালীৰ উছাহ পৰিলক্ষিত হৈছে। সোমবাৰে উৰুকা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সমগ্ৰ ৰাজ্যবাসীক মিলাপ্ৰীতিৰে ভোগালী উৎসৱ পালন কৰিবলৈ আহ্বান জনাইছে। কালি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত এখন ভোগালী মেলাত ...

January 12, 2025 11:36 AM

views 31

আই এছ এল ফুটবল প্রতিযোগিতাত মোহন বাগানৰ বিৰুদ্ধে ইষ্ট বেংগল ১-০ গলত পৰাস্ত

মোহন বাগানে জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি কালি গুৱাহাটীত অনুষ্ঠিত আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত ইষ্ট বেংগলক ১-০ গলত পৰাস্ত কৰে। মোহন বাগানৰ জেমি মেকলাৰেনে বিজয়সূচক গলটো দিয়ে। ইয়াৰ পূৰ্বে বেংগালুৰুত অনুষ্ঠিত প্রতিযোগিতাৰ আন এখন খেলত মোহম্মদান স্পোর্টছ ক্লাবে বেংগালুৰু এফ চিক ১-০ গলত পৰাভূত কৰে। ম...