January 20, 2025 8:19 PM

views 15

ৰাজ্যৰ ১৪খন জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়ন আৰম্ভ

ৰাজ্যৰ ১৪খন জিলাক সামৰি আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়ন আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত সামৰি লোৱা ১৪ খন জিলা হৈছে- বাক্সা, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং । শিক্ষা বি...

January 20, 2025 8:18 PM

views 10

ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সৈতে সংগতি ৰাখি শিৱসাগৰৰ পৰিবহণ নিগমৰ বাছ আস্থানত সজাগতা সভা

ৰাজ্যত পহিলা জানুৱাৰীত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰ জিলাৰ পৰিবহণ নিগমৰ বাছ আস্থানত এখন সজাগতা সভা অনুষ্ঠিত হয়। পথ সজাগতাৰ উদ্দেশ্যে সভাত এখন বাটৰ নাটো প্ৰদৰ্শন কৰা হয়। শিৱসাগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয় আৰু উজনি অসম বাছ মালিক সন্থাৰ উদ্যোগত আয়োজিত এই পথ সজাগ...

January 20, 2025 8:16 PM

views 10

দিল্লীৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানলৈ নাজিৰাৰ ৰজাবাৰী গাঁৱৰ জলজীৱন আঁচনিৰ সচিব দীপাংকৰ দিহিঙীয়া আমন্ত্রিত

দিল্লীৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শিৱসাগৰ জিলাৰ নাজিৰাৰ ৰজাবাৰী গাঁৱৰ জলজীৱন আঁচনিৰ সচিব দীপাংকৰ দিহিঙীয়াই আমন্ত্রণ লাভ কৰিছে। দীপাংকৰ দিহিঙীয়াৰ প্ৰচেষ্টাত ৰজাবাৰী অঞ্চলৰ ১৪৫টা পৰিয়ালে নলযোগে বিশুদ্ধ খোৱাপানী নিজৰ ঘৰৰ পদূলিতে লাভ কৰিবলৈ সমৰ্থ হৈছে। এই আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলে পানী...

January 20, 2025 8:14 PM

views 14

তেজপুৰ বিশ্ববিদ্যালয়ত ১৯৯৫ৰ পৰা ২০০৫ শিক্ষাবৰ্ষৰ প্রাক্তন ছাত্র-ছাত্ৰীসকলৰ পুনৰ মিলন সমাৰোহ

তেজপুৰ বিশ্ববিদ্যালয়ৰ ১৯৯৫ শিক্ষাবৰ্ষ আৰু ২০০৫ শিক্ষাবৰ্ষৰ ভিতৰত শিক্ষা গ্ৰহণ কৰা প্রাক্তন ছাত্র- ছাত্ৰীসকলৰ পুনৰ মিলন সমাৰোহ আজি বিশ্ববিদ্যালয়খনৰ সভাকক্ষত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শম্ভুনাথ সিঙে এই সমাৰোহ উদ্বোধন কৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ নাম ...

January 20, 2025 8:13 PM

views 11

ৰাজ্যৰ লোকনিৰ্মাণ বিভাগত নিযুক্তি লাভ কৰা ১৮গৰাকী সহকাৰী অভিযন্তাক নিযুক্তিপত্ৰ প্ৰদান

ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগত নতুনকৈ নিযুক্তি লাভ কৰা ১৮গৰাকী সহকাৰী অভিযন্তাক আজি নিযুক্তিপত্ৰসমূহ প্ৰদান কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ দিছপুৰত অৱস্থিত লোকনিৰ্মাণ বিভাগৰ সন্মিলন তথা প্রশিক্ষণ কেন্দ্ৰত আজি পুৱা আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী কৃষ্ণেন্দু পালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্য চৰক...

January 20, 2025 8:12 PM

views 9

আই আই টি গুৱাহাটীত পেন আই আই টি ৱৰ্ল্ড অৱ টেকন’লজী মিট-২০২৫

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান (আই আই টি)ত কাইলৈ পেন আই আই টি ৱৰ্ল্ড অৱ টেকন'লজী মিট ২০২৫ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিষ্ঠানটোৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাত হ'বলগীয়া প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় এই সন্মিলনখন কাইলৈ পুৱা ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি এছ কোটাই আনুষ্ঠানিকভ...

January 20, 2025 8:09 PM

views 33

বৰপেটা সাহিত্য সভাৰ উদ্যোগত বিদ্রোহী কবি প্ৰসন্নলাল চৌধুৰীৰ স্মৃতি দিৱস উদযাপন

বিদ্রোহী কবি প্রসন্নলাল চৌধুৰীৰ আজি মৃত্যু দিৱস। জাতীয়তাবোধ আৰু মানৱতাবোধৰ কবিতা, নাটক ৰচনাৰে সমাজ জীৱনক জগাই তুলি জাতীয় স্বাৰ্থৰ হকে ঐক্যবদ্ধ হ'বলৈ প্ৰেৰণা যোগোৱা কবিগৰাকীয়ে অনন্য সাহিত্যৰাজিৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতলৈ প্ৰভূত বৰঙণি আগবঢ়াই থৈ গৈছে। বৰপেটা সাহিত্য সভাৰ উদ্যোগত আজি বিদ্রোহী...

January 20, 2025 8:08 PM

views 13

কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত বড়োলেণ্ড ক্রীড়া সমাৰোহৰ তৃতীয় সংস্কৰণ আৰম্ভ

কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আজিৰে পৰা বড়োলেণ্ড ক্রীড়া সমাৰোহৰ তৃতীয় সংস্কৰণ আৰম্ভ হৈছে। বিটিচি ক্রীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত এই ক্রীড়া সমাৰোহ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে উদ্বোধন কৰে। এই ক্রীড়া সমাৰোহত বিটিআৰৰ ৫ খন জিলা- কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰিৰ প্রায় এহেজাৰ ক্রীড...

January 20, 2025 8:06 PM

views 16

ওদালগুৰিৰ মাজবাটত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণত অভিযুক্ত ৫জন লোকক যাৱজ্জীৱন কাৰাদণ্ড

২০২৪ চনৰ ২২ জুনত ওদালগুৰি জিলাৰ মাজবাটত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনাত অভিযুক্ত ৫জন লোকক আজি ওদালগুৰিৰ বিশেষ জিলা আৰু ছেছন আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে। জিলা আৰু ছেছন ন্যায়াধীশ এছ এন দেউৰীৰ আদালতে আজি ভাৰতীয় দণ্ডবিধি আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত অভিজুল আলী, ছাদ্দাম হুছেইন, মুস্তাক আহমেদ, এহছ...

January 20, 2025 8:02 PM

views 19

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ যুৱতী চিকিৎসকক ধৰ্ষণ-হত্যাত অভিযুক্ত সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ড

যোৱা বছৰৰ ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী যুৱতী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অপৰাধত আজি শিয়ালদহৰ এখন আদালতে অভিযুক্ত সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। শিয়ালদহৰ আদালতৰ বিচাৰক অনির্বাণ দাসে অৱশ্যে এই অপৰাধক অতিশয় বিৰল বুলি গণ্য কৰিব নোৱাৰি বুলি ৰায় দিয়ে আৰু অভিযুক্ত ৰয়ক ...