January 25, 2025 7:56 PM

views 14

যোৰহাটত ১৭ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা আয়োজন

গুৱাহাটী জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ক্রীড়া সন্থাৰ সহযোগত এইবাৰ যোৰহাটত ১৭ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা আয়োজন কৰা হৈছে। যোৰহাট ষ্টেডিয়ামত ২৯ জানুৱাৰীৰ পৰা হ'বলগীয়া প্ৰতিযোগিতাখনত আঠটা দলে অংশগ্রহণ কৰিব। অংশগ্ৰহণকাৰী দলসমূহৰ হ'ল- যোৰহাট টাউন ক্লাৱ, বৰপেটা স্পোর্টছ ক্লাৱ, ভ...

January 25, 2025 6:41 PM

views 24

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি নয়নজ্যোতি শৰ্মা আৰু ৰঞ্জন কুমাৰ দাসৰ সৈতে হোৱা আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত অসম ৰাজ্যিক শিক্ষা পৰিষদৰ মণ্ডল এক আৰু দুইৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শৰ্মা আৰু ৰঞ্জন কুমাৰ দাসৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি সন্...

January 25, 2025 6:40 PM

views 19

৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণত কেন্দ্ৰৰ অনুমোদন

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে হাউলীৰ পৰা বৰপেটা, মুকালমুৱা, হাজো হৈ আমিনগাঁৱলৈকে ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণত অনুমোদন জনাইছে। এই পথছোৱা নিৰ্মাণৰ বাবে শীঘ্ৰেই নিবিদা জাৰি কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ...

January 25, 2025 6:35 PM

views 24

ৰাজ্যৰ ১০ গৰাকী উদ্যমীক দিল্লীৰ গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ বিশেষ অতিথি হিচাপে আমন্ত্রণ

ৰাজ্যৰ ১০ গৰাকী উদ্যমীক দিল্লীত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ বিশেষ অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছে। আমন্ত্ৰণ লাভ কৰা উদ্যমীসকলৰ ভিতৰত ধুবুৰীৰ নমিতা এম মাৰাক, কোকৰাঝাৰৰ বিউতি ৰামচিয়াৰী, চিৰাঙৰ মীনা মুছাহাৰী, শোণিতপুৰৰ ইউৰিকা ডব্লিউ ডি ৱাগাম, ধেমাজিৰ অনিল পেগু, গুৱাহাটীৰ গোপাল কৰ্মকাৰ, শিৱসাগৰ...

January 25, 2025 6:32 PM

views 25

গণৰাজ্য দিৱসৰ নতুন দিল্লীত হ’বলগীয়া কাৰ্যসূচীলৈ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিক আমন্ত্রণ

গণৰাজ্য দিৱসৰ কাইলৈ নতুন দিল্লীত হ'বলগীয়া কাৰ্যসূচীৰ বাবে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিয়ে আমন্ত্রণ লাভ কৰিছে। ধুবুৰী জিলাৰ শালকোছাৰ ভেলুপাৰা দ্বিতীয় খণ্ড গাঁৱৰ নিৰেশ চন্দ্ৰ বৰ্মন আৰু শালকোছাৰ শ্ৰীগ্ৰামৰ আমজামুল আমিন নামৰ দুগৰাকী খেতিয়ক এই দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰিত হৈছে। দুয়োগৰাক...

January 25, 2025 6:28 PM

views 24

গণৰাজ্য দিৱস উপলক্ষে গুৱাহাটী মহানগৰীত নিৰাপত্তাকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ

গণৰাজ্য দিৱস উপলক্ষে গুৱাহাটী মহানগৰীত নিৰাপত্তাকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে জিলাসমূহত গণৰাজ্য দিৱসত হ'বলগীয়া কুচকাৱাজৰ অনুশীলন সম্পূৰ্ণ হৈছে। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ উপৰি ভালেমান জিলাত আজি বিয়লি প্ৰাক-গণৰাজ্য দিৱসৰ কুচকাৱাজ অনুষ্ঠিত হয়। গুৱাহাটী মহানগৰীত কুচকাৱাজৰ সময়ছোৱাত য...

January 25, 2025 6:21 PM

views 13

ৰাজ্যত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। দেশৰ এই ঐতিহাসিক ক্ষণত যাতে কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। ৰে'ল আৰক্ষীয়েও ৰে’ললাইনসমূহত সতর্ক দৃষ্টি ৰাখিছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত...

January 25, 2025 6:18 PM

views 29

গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা ৰাষ্ট্ৰক উদ্দেশ্যি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা ৭ বজাত ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিয়ে হিন্দী আৰু ইংৰাজীত দিয়া এই ভাষণ আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ কেন্দ্ৰই প্ৰচাৰ কৰিব । আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ নিশা চাৰে ৯ বজাত প্ৰচাৰ কৰিব। ৰাষ্...

January 25, 2025 12:43 PM

views 20

কাইলৈ গণৰাজ্য দিৱস, দিল্লীত ৬ তৰপীয়া সুৰক্ষা ব্যৱস্থা

দেশজুৰি কাইলৈ গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত দিল্লীত নিশ্ছিদ্র নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। দেশৰ এই ঐতিহাসিক ক্ষণত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে, তাৰ বাবে দিল্লীত ছয় তৰপীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মহানগৰখনত অৰ...

January 25, 2025 12:41 PM

views 31

ৰাজ্যত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ, ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। ৰে'ল আৰক্ষীয়েও ৰে'ললাইনসমূহত সতর্ক দৃষ্টি ৰাখিছে। পূৰ্ব নিৰ্ধাৰিত ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইব...