January 29, 2025 8:11 PM

views 10

উত্তৰাখণ্ডত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ আজি দ্বিতীয় দিন

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ আজি দ্বিতীয় দিনা বিভিন্ন শাখাৰ অৰ্হতা অৰ্জনকাৰী খেলসমূহ সম্পন্ন হয়। মহিলাৰ দহ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত হাৰিয়ানাৰ ৰমিতা জিন্দালে আজি নতুন বিশ্ব অভিলেখ স্থাপন কৰে। তেওঁ ৬৩৪ দশমিক ৯ পইণ্ট সংগ্ৰহ কৰি পেৰিছ অলিম্পিকত কোৰিয়াৰ বান হাঅ'জিনৰ ...

January 29, 2025 8:07 PM

views 10

জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত চহকী নাগালেণ্ড জৈৱিক কৃষি বজাৰত প্ৰৱেশ

জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত চহকী নাগালেণ্ডে জৈৱিক কৃষি বজাৰত প্ৰৱেশ কৰাৰ লগতে ৰাজ্যখনত ইয়াৰ প্ৰসাৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। নাগালেণ্ডৰ পৰম্পৰাগত কৃষি পদ্ধতি জৈৱিক কৃষি পদ্ধতিৰ সৈতে বহুখিনি মিল আছে। ইয়াৰে কৃষকসকলে পৰম্পৰাগত জ্ঞান বুদ্ধিৰে কৃষি শস্য উৎপাদন কৰাৰ লগতে জৈৱ বৈচিত্ৰও সংৰক্ষণ কৰি আহিছে...

January 29, 2025 8:03 PM

views 13

গণৰাজ্য দিৱসৰ কুচকাৱাজত উত্তৰ প্ৰদেশৰ মহাকুম্ভ ২০২৫ প্ৰতীকপট শ্রেষ্ঠত্বৰ সন্মান লাভ

নতুন দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত এইবাৰৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত উত্তৰ প্ৰদেশৰ মহাকুম্ভ ২০২৫ স্বর্ণিম ভাৰত-ঐতিহ্য আৰু উন্নয়নৰ বিষয়বস্তুৰে সাজি উলিওৱা প্ৰতীকপটে শ্রেষ্ঠ প্রতীকপটৰ সন্মান লাভ কৰিছে। ত্ৰিপুৰাই দ্বিতীয় আৰু অন্ধ্ৰপ্ৰদেশে তৃতীয় শ্রেষ্ঠ প্রতীকপটৰ সন্মান লাভ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰালয় ...

January 29, 2025 8:00 PM

views 12

গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্রীট সমাপ্ত

নতুন দিল্লীৰ বিজয় চকত অনুষ্ঠিত গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্রীট খন্তেক আগতে অন্ত পৰে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মুমু, উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু অন্য কেন্দ্রীয় মন্ত্ৰীসকল অনুষ্ঠানত উপস্থিত থাকে। ...

January 29, 2025 7:57 PM

views 33

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ইয়াৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে। দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশ আৰু পৱন খেৰাৰ লগতে দলৰ দিল্লী শাখাৰ মুৰববী দেৱেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত দলৰ এই ইস্তাহাৰ প্ৰকাশ কৰে। নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছ দলে পিয়াৰী দিদি যোজনাৰ অধীনত মহিলাসকলক মাহিলী দুহেজাৰ...

January 29, 2025 7:52 PM

views 22

দিল্লীৰ যমুনা খাদাৰত নির্বাচনী সভাত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ যমুনা খাদাৰত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে দলৰ প্ৰতিশ্ৰুতিসমূহ দোহাৰি শ্ৰীমোদীয়ে কয়, যে দিল্লীৰ জনসাধাৰণে এতিয়া এনে এখন চৰকাৰ বিচাৰে যিয়ে গৃহহীনৰ বাবে বাসগৃহ আৰু প্ৰতিঘৰ লোকলৈ বিশুদ্ধ খোৱাপানী যোগ...

January 29, 2025 7:48 PM

views 21

ৰাষ্ট্ৰীয় অপৰিহাৰ্য খনিজ পদার্থ অভিযানত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৩৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ ৰাষ্ট্ৰীয় অপৰিহাৰ্য খনিজ পদার্থ অভিযানত অনুমোদন জনাইছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত এই বিষয়ে প্ৰকাশ কৰি কয়, যে দেশত সেউজ প্রযুক্তি, অধিক ব্যৱহাৰৰ বাবে অতি আৱশ্যকীয় এই খনিজ সম্পদসমূহক অবিৰতভাৱে ব্যৱহাৰ কৰাৰ উ...

January 29, 2025 7:43 PM

views 52

মহাকুম্ভ মেলাত পদপিষ্ট হৈ প্ৰায় ৩০ জন লোক নিহত, ভালেসংখ্যক আহত

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত পদপিষ্ট হৈ প্ৰায় ৩০ জন লোক নিহত হৈছে আৰু ভালেসংখ্যক লোক আহত হৈছে। মৌনী অমাৱস্যা উপলক্ষে প্ৰয়াগৰাজত মহাকুম্ভথলীৰ অগণন ভক্তই ত্রিবেনী সংগমত অমৃত স্নান কৰিবলৈ সংগম ঘাটলৈ অগ্ৰসৰ হোৱাৰ সময়ত হোৱা হেঁচা থেলাত যোৱা নিশা ভালেসংখ্যক লোক পদপিষ্ট হয়। কুম্ভ মে...

January 29, 2025 7:28 PM

views 33

ৱাকফ সংশোধনী বিধেয়ক, ২০২৪ৰ বাবে গঠন কৰা যুটীয়া সংসদীয় কমিটীৰ খচৰা প্ৰতিবেদনত অনুমোদন

ৱাকফ সংশোধনী বিধেয়ক, ২০২৪ চালি-জাৰি চোৱাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় কমিটীয়ে আজি ইয়াৰ খচৰা প্ৰতিবেদনত অনুমোদন জনায়। নতুন দিল্লীৰ আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত এই ৩১ জনীয়া কমিটীখনৰ অধ্যক্ষ জগদম্বিকা পালে কয়, যে কমিটীখনে বিধেয়কখনৰ ১৪ নম্বৰ দফা সম্পৰ্কীয় সংশোধন গ্ৰহণ কৰিছে। তেওঁ কয়, যে এই প্...

January 29, 2025 1:13 PM

views 17

সাপ উদ্ধাৰ আৰু সৰ্পদংশন প্ৰতিৰোধী দক্ষতা বৃদ্ধিৰ উদ্দেশ্যেৰে কাজিৰঙা অনুষ্ঠিত দুদিনীয়া কৰ্মশালাৰ সামৰণি

সাপ আৰু মানুহৰ সহাৱস্থান, নীতিগতভাৱে সাপ উদ্ধাৰ আৰু সৰ্পদংশন প্ৰতিৰোধী দক্ষতা বৃদ্ধিৰ উদ্দেশ্যেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত কঁহৰাত অনুষ্ঠিত দুদিনীয়া কৰ্মশালাৰ কালি সামৰণি পৰে এই কৰ্মশালাত কাজিৰঙা, নগাঁও, বিশ্বনাথ, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড় আৰু তিনিচুকীয়াকে ধৰি ৰাজ্যৰ বিভিন্ন প...