ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ পৰিৱেশবিদ ড° পূর্ণিমা দেৱী বৰ্মনলৈ ২০২৪ বৰ্ষৰ গ্ৰীণ অস্কাৰ গ’ল্ড বঁটা

◊ ৰাজ্যৰ পৰিৱেশবিদ ড° পূর্ণিমা দেৱী বৰ্মনলৈ ২০২৪ বৰ্ষৰ গ্ৰীণ অস্কাৰ গ’ল্ড বঁটা আগবঢ়োৱা হৈছে। ড° বৰ্মনে এই বঁটা দ্বিতীয়বাৰৰ বাবে লাভ কৰিছে। উল্লেখযোগ্য যে ২০১৭ চনত প্ৰৱৰ্তন কৰা গ্ৰীণ অস্কাৰ বঁটা তেওঁ লাভ কৰিছিল। প্ৰকৃতিৰ পৰা বিলুপ্ত হ’বলৈ ধৰা হাড়গিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত দীৰ্ঘ দিনৰেপৰা বিশেষ প্ৰয়াস চলাই অহা প্ৰকৃতিপ্ৰেমীগৰাকীক ইয়াৰ স্বীকৃতিস্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে। প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকৰ জৰিয়তে তেওঁ হাড়গিলাৰ সংৰক্ষণৰ বাবে জনসাধাৰণৰ মাজত বিশেষ সজাগতা অভিযান চলাই আহিছে। ইয়াৰ পদক্ষেপ হিচাপে তেওঁ ৰাজ্যৰ বিভিন্ন ঠাই বাটৰ নাটকে ধৰি বিভিন্ন সজাগতামূলক কার্যসূচী গ্ৰহণ কৰি আহিছে। ড° বৰ্মনে কামৰূপ জিলাৰ দদাত হাড়গিলা সংৰক্ষণৰ বাবে ২০১৫ চনৰ পৰাই বিশেষ প্ৰয়াস অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।