ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

● আজিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আজি আৰম্ভ হ’ব। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাছাৰকুছি, তামুলপুৰ, নগাঁও, মৰিগাঁৱকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। যোৱা এমাহজোৰা আখৰাৰ পাছত শিল্পী, কলা- কুশলীসকলে ৰাস মহোৎসৱৰ শ শ বছৰীয়া পৰম্পৰা পালনৰ বাবে সাজু হৈছে।

মাজুলীৰ ৬৭ খন ৰাস মহোৎসৱৰ কেইবাখনো আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে জিলাখনৰ উত্তৰ-কমলাবাৰী সত্ৰত ৩৫২ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত ব্ৰজাৱলী ভাষাত আজি, কাইলৈ আৰু পৰহিলৈ কমলাকান্ত আতা ক্ষেত্ৰত ৰাস অনুষ্ঠিত হ’ব। এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু উত্তৰ কমলাবাৰী শংকৰদেৱ কৃষ্টি সংঘৰ সহযোগত ‘মাজুলীৰ ৰাস লীলা, পৰম্পৰা, নান্দনিকতা আৰু প্ৰত্যাহ্বান’ শীৰ্ষক এখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। আউনীআটী, চামগুৰি, বেঙেনাআটিকে ধৰি প্ৰায়বোৰ সত্ৰতে শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হ’ব। ৰাসৰ পৰিপ্ৰেক্ষিতত ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে।
শিৱসাগৰ নগৰৰ সমীপৰ ঢুলীয়াপাৰত আজিৰে পৰা তিনি দিনীয়াকৈ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। এইবাৰ ৮০ সংখ্যক বৰ্ষত ভৰি দিয়া ৰাস মহোৎসৱখন আজি মন্ত্ৰী যোগেন মহনে উদ্বোধন কৰিব।
নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰত কাইলৈৰ পৰা ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। ৰাস মহোৎসৱৰ দ্বিতীয় দিনা অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। দৰং জিলাৰ দীঘিপাৰত ১১ দিনীয়াকৈ ৰাসৰ আয়োজন কৰা হৈছে। গোগামুখৰ লটাক ৰাস মঞ্চত এইবাৰ ৰাস মহোৎসৱৰ সোণালী জয়ন্তী উদযাপন কৰিব। বাক্সা জিলাৰ পূব খাগৰাবাৰীৰ ৯২ সংখ্যক ৰাস মহোৎসৱ কাইলৈৰ পৰা সাদিনীয়াকৈ অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰে এইদৰে জনাইছে।
৯৮ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হাউলি ৰাস মহোৎসৱত এইবাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্রদ্ধাঞ্জনি নিবেদন কৰা হ’ব। ইয়াৰ লগতে ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰদান কৰা হাউলি বঁটা বিশিষ্ট সাহিত্যিক তথা অভিযন্তা বন্দিতা ফুকনলৈ আগবঢ়োৱা হ’ব।
বিশ্বনাথতো সোণালী জয়ন্তী বর্ষ, বিশ্বনাথ ঘাট সাৰ্বজনীন ৰাস সমিতিৰ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। এই ৰাস মহোৎসৱত কেলি গোপাল নাট আৰু শ্ৰীকৃষ্ণৰ শিশু লীলা প্ৰদৰ্শনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কামৰূপ জিলাৰ পলাশবাৰী, মির্জা অঞ্চলত ৰাসৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।