■ মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন-ৱেভছ ২০২৫ত কালি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা-সংস্কৃতিৰ প্ৰদৰ্শন কৰা হয়। কালি এই সন্মিলনত মিচিং জনগোষ্ঠীৰ নৃত্য শিল্পীৰ দ্বাৰা পৰিৱেশিত পৰম্পৰাগত গুমৰাগ নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। অসমৰ পৰা মুম্বাইলৈ যোৱা শিল্পীসকলে গুমৰাগ নৃত্য পৰিৱেশন কৰাৰ উপৰি ত্ৰিপুৰাৰ ৰিয়াং জনগোষ্ঠীৰ নৃত্যশিল্পীসকলে হোজাগিৰি লোকনৃত্যও পৰিৱেশন কৰে। কালি ৱেভৰ মঞ্চত ৰিয়েলিটি শ্বো শাখাত ফনকাৰছ বেণ্ডক পুৰস্কাৰ প্ৰদান কৰা হয়। এই বেণ্ডত অসমৰ দুগৰাকী যুৱক নয়নজ্যোতি খাটনিয়াৰ সঞ্জয় বসুমতাৰীও আছে। উল্লেখযোগ্য যে কালি অনুষ্ঠিত ৱেভৰ মঞ্চত অভিনেতা আমিৰ খান, মিঠুন চক্ৰৱৰ্তী, পৰিচালক প্রসূন যোশী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৱেভছ সন্মিলনত লাভ কৰা অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এই সন্মিলন পূৰ্বৰ দুবছৰৰ পৰিৱৰ্তে প্ৰতিবছৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে।
কালি ৱেভছত গ্ল’বেল মিডিয়া ডাইলগ ২০২৫ শীর্ষক এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ অন্তত সদস্য ৰাষ্ট্ৰসমূহে ৱেভছ ঘোষণা পত্ৰও গ্ৰহণ কৰে। ইপিনে যোবা বৃহস্পতিবাৰে সন্ধিয়া ৱেভছত উত্তৰ- পূব ভাৰতত চলচ্চিত্ৰৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক এখন মনোজ্ঞ আলোচনা অনুষ্ঠিত হয়। বিশিষ্ট ছবি পৰিচালক তথা নির্মাতা জাহ্নু বৰুৱাৰ লগতে ৰবি শৰ্মা, যতীন বৰা আৰু আইমী বৰুৱা উপস্থিত থাকে । আলোচনাত অংশ লোৱা ব্যক্তিসকলে উত্তৰ-পূৰ্বাঞ্চলৰ ছবি জগতখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কৰিবলগীয়া বহু কাম আছে বুলি প্ৰকাশ কৰে।
এই ৱেভছ সন্মিলনৰ ভিত্তিত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই সন্মিলনত অংশগ্ৰহণ কৰা অসমৰ কেইবাগৰাকীও প্রতিনিধিয়ে তেওঁলোকৰ মন্তব্য আগবঢ়াব। এই অনুষ্ঠানৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।
Site Admin | May 3, 2025 11:56 AM | Akashvani Guwahati | Akashvani News | Mumbai | WAVES
ৱেভছ সন্মিলন-২০২৫ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা-সংস্কৃতি প্ৰদৰ্শন
