October 8, 2025 9:11 PM

views 53

১৯,৬৫০ কোটি টকা ব্যয়সাপেক্ষে নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বিমান পৰিবহন আন্তঃগাঁথনি খণ্ডত নতুন ইতিহাসৰ সূচনা কৰি নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি কৰে। ১৯ হাজাৰ ৬৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই বিমান বন্দৰটোৰ বাণিজ্যিক সেৱা অহা ডিচেম্বৰত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগে লগে একাধিক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ থকা বিশ্বৰ বছা বছা চহৰৰ ভিতৰত মুম্বাইৰ নামও অন্তৰ্ভুক্ত হ'ল। বিমান বন্দৰটো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বে প্রধানমন্ত্ৰীয়ে বন্দৰটো পৰিদৰ্শন কৰে আৰু যাত্ৰীসকলৰ বিভিন্ন সা-সুবিধাৰ বুজ ল...

August 25, 2025 10:19 AM

views 32

অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি

■ মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি মুম্বাই কৰ্তৃপক্ষই অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত দিছে। দেশৰ বাণিজ্যিক ৰাজধানীখনত অসমৰ জনসাধাৰণৰ বাবে যাৱতীয় ৰাজহুৱা আন্তঃগাঁথনিৰ বিকাশ তথা সুচল ব্যৱস্থা গঢ়ি তোলাৰ বাবে অসম চৰকাৰে এই ভূমিত এটা নিজা চৌহদ স্থাপন কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। তেওঁ কয়, যে ইয়াৰ জৰিয়তে মুম্বাই চহৰলৈ অহা অসমৰ উদ্যোগী, ছাত্ৰ-ছাত্ৰী, ৰোগী তথা অন্যান্য লোকসকল উপকৃত হ'ব। শ্ৰীসোণোৱালে এই ভূমিত স্থা...

May 3, 2025 11:56 AM

views 37

ৱেভছ সন্মিলন-২০২৫ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা-সংস্কৃতি প্ৰদৰ্শন

■ মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন-ৱেভছ ২০২৫ত কালি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা-সংস্কৃতিৰ প্ৰদৰ্শন কৰা হয়। কালি এই সন্মিলনত মিচিং জনগোষ্ঠীৰ নৃত্য শিল্পীৰ দ্বাৰা পৰিৱেশিত পৰম্পৰাগত গুমৰাগ নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। অসমৰ পৰা মুম্বাইলৈ যোৱা শিল্পীসকলে গুমৰাগ নৃত্য পৰিৱেশন কৰাৰ উপৰি ত্ৰিপুৰাৰ ৰিয়াং জনগোষ্ঠীৰ নৃত্যশিল্পীসকলে হোজাগিৰি লোকনৃত্যও পৰিৱেশন কৰে। কালি ৱেভৰ মঞ্চত ৰিয়েলিটি শ্বো শাখাত ফনকাৰছ বেণ্ডক পুৰস্কাৰ প্ৰদান কৰা হয়। এই বেণ্ডত অসমৰ দুগৰাকী য...

May 2, 2025 3:54 PM

views 61

ৱেভছ সন্মিলন ২০২৫ত সংবাদ সেৱা বিষয়ক আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত

■ ৱেভছ সন্মিলন ২০২৫ৰ অংশ হিচাপে আজি পুৱা মুম্বাইৰ জিঅ' ৱাৰ্ল্ড কনভেচন কেন্দ্ৰত সংবাদ সেৱা বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠক তথ্য আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ উদ্যোগত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সহযোগত অনুষ্ঠিত হৈছে। মুম্বাইৰ জিঅ' বিশ্ব অভিৱৰ্তন কেন্দ্ৰত কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন- ৱেভছ-২০২৫ উদ্বোধন কৰে। অভিনেতা আমিৰ খানে আজি এই সন্মিলনত উপস্থিত থাকি কয়, যে ভাৰতত জনসাধাৰণৰ বিপৰীতে চলচ্চিত্ৰ গৃহৰ সংখ্যা কম। তেওঁ কয়, যে ...

April 10, 2025 8:27 PM

views 39

মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাৰুৰ ৰাণা দিল্লীত উপস্থিত

মুম্বাইত সংঘটিত ২৬-১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ অভিযুক্ত তাহাৰুৰ ৰাণাক আজি দিল্লীলৈ অনা হৈছে। কেন্দ্ৰীয় মন্ত্রী পিযুছ গোৱেলে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় সংকল্পৰ বাবে মুম্বাই আক্ৰমণৰ অভিযুক্তগৰাকীক ভাৰতলৈ আনিবলৈ সমৰ্থ হৈছে আৰু অভিযুক্ত তাহারুৰক আইনমতে উপযুক্ত শাস্তি বিহা হ'ব। মুম্বাইত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী শ্ৰীগোৱেলে অভিযোগ কৰে যে সন্ত্ৰাসবাদীক শাস্তি দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ উল্লেখযোগ্...

March 17, 2025 5:38 PM

views 25

মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ১০ কিলোগ্ৰামতকৈও অধিক পৰিমাণৰ সোণ জব্দ

মুম্বাইৰ সীমা শুল্ক বিভাগে মহানগৰীখনৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অভিযান চলাই ১০ কিলোগ্ৰামতকৈও অধিক পৰিমাণৰ সোণ জব্দ কৰিছে। বিমান বন্দৰটোৰ চাৰি ঠাইত সুকীয়াকৈ অভিযান চলাই ৮ কোটি ৪৭ লাখ টকা মূল্যৰ এই সোণখিনি জব্দ কৰাৰ লগতে অভিযানকাৰী দলটোৱে ৫ জন লোকক গ্ৰেপ্তাৰ কৰে। বিভাগীয় বিষয়াসকলে আজি জানিবলৈ দিয়া মতে গ্ৰেপ্তাৰ কৰা লোককেইজনৰ মাজত তিনিজন ব্যক্তিগত খণ্ডৰ বিমান বন্দৰৰ কৰ্মচাৰীও আছে। যোৱা ১৩ মাৰ্চৰ পৰা ১৫ মাৰ্চৰ ভিতৰত চলোৱা এই অভিযানৰ সময়ছোৱাত অভিযুক্ত লোককেইজনে পৰিধান কৰা কাপোৰৰ মাজৰ পৰা আৰু ...

February 21, 2025 6:20 PM

views 32

অভয় গজানন শ্বিংগে আৰু মংগেশ ৱায়ল নামৰ দুজন লোকক গ্ৰেপ্তাৰ মুম্বাইৰ অপৰাধ শাখাৰ

মুম্বাইৰ অপৰাধ শাখাই আজি পুৱা বুলধানা জিলাৰ দেউলগাঁৱৰাজা অঞ্চলৰ পৰা অভয় গজানন শ্বিংগে আৰু মংগেশ ৱায়ল নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্রী একনাথ সিন্দে বাহনত বোমা পেলোৱাৰ ভাবুকি দিয়াৰ গোচৰত লোক দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। লোক দুজনে কালি উপ মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ৰ ই-মেইল যোগে আৰু গোৰেগাঁও তথা জে জে মাৰ্গ আৰক্ষী চকীৰ জৰিয়তে এই ভাবুকি দিছিল। অপৰাধ শাখাই লাভ কৰা প্ৰমাণৰ ভিত্তিত অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। লোক দুজনে নিজৰ অপৰাধ স্বীকাৰ কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভ...

December 24, 2024 1:30 PM

views 43

যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্রিয়া বিয়লি সম্পন্ন কৰা হ’ব

কালি সন্ধিয়া মুম্বাইৰ এখন হস্পিতালত দেহাৱসান ঘটা যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্রিয়া আজি আবেলি মুম্বাইৰ শিৱাজী পাৰ্ক শ্মশানত সম্পন্ন কৰা হ'ব। পৰিচালকগৰাকীৰ নশ্বৰ দেহ বৰ্তমান মুম্বাইৰ পে'ডাৰ ৰোডত থকা তেওঁৰ বাসভৱনত ৰখা হৈছে আৰু ছবিজগতৰ ভালেসংখ্যক শিল্পী, কলাকুশলীয়ে শ্যাম বেনেগালৰ প্ৰতি শেষ শ্ৰদ্ধা তৰ্পণ কৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত ভূগি থকা চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ কালি মুম্বাইত ৯০ বছৰ বয়সত মৃত্যু হয়। সপ্তম আৰু অষ্টম দশকত নিউ ৱেভ চিনে...

December 21, 2024 8:37 PM

views 30

মুম্বাইৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আজি ১৫জনলৈ বৃদ্ধি

মুম্বাইৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আজি ১৫জনলৈ বৃদ্ধি পাইছে। বুধবাৰে সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত নিৰুদ্দেশ হৈ থকা এটি ৭ বছৰীয়া শিশুৰ মৃতদেহ আজি উদ্ধাৰ কৰা হয়। শিশুটিৰ মাতৃও এই দুৰ্ঘটনাত মৃত্যু হৈছিল। উল্লেখযোগ্য যে যোৱা বুধবাৰে মুম্বাইত নৌ সেনা বাহিনীৰ সামগ্ৰী কঢ়িওৱা এখন স্পীড বোটে এখন যাত্রীবাহী ফেৰীক খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছিল। দুয়োখন নাৱত থকা ১১৩গৰাকী লোকৰ ৯৮গৰাকীক সেইদিনাই উদ্ধাৰ কৰা হৈছিল আৰু ১৩জন লোকে প্ৰাণ হেৰুৱাইছিল। দুৰ্ঘটনাৰ ফলত নিৰুদ্দেশ হৈ থকা দুজন ব্যক্তিৰ...

December 19, 2024 8:53 PM

views 33

মুম্বাইৰ গেটৱে অব ইণ্ডিয়াৰ সমীপৰ কাৰাঞ্জাত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত

মুম্বাইৰ গেটৱে অব ইণ্ডিয়াৰ সমীপৰ কাৰাঞ্জাত কালি সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। উল্লেখযোগ্য যে কালিৰ এই দুৰ্ঘটনাত তিনিগৰাকী নিৰাপত্তাৰক্ষীকে ধৰি মুঠ ১৩ গৰাকী লোকে প্ৰাণ হেৰুৱায়। এই পৰ্যন্ত দুগৰাকী লোক সন্ধানহীন হৈ আছে বুলি এটা সূত্ৰত প্ৰকাশ পাইছে। এই ঘটনাত প্রধানমন্ত্রী মোদীয়ে দুখ প্ৰকাশ কৰিছে। তেওঁ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ নিকতাত্মীয়লৈ দুই লাখ টকা আৰু আহত প্ৰতিগৰাকীলৈ ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ইফালে মহাৰ...