ডাউনলোড
মোবাইল এপ

android apple
signal

ৱেভচ সন্মিলনত ভাগ লোৱা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে ভৱিষ্যতৰ একোগৰাকী তাৰকা বুলি সচিব সঞ্জয় যাজুৰ অভিহিত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় যাজুয়ে ৱেভচ সন্মিলনত ভাগ লোৱা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে ভৱিষ্যতৰ একোগৰাকী তাৰকা বুলি অভিহিত কৰিছে। মুম্বাইত চলি থকা ৱেভচ সন্মিলনৰ আজি এটা সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈ সচিব গৰাকীয়ে এই মন্তব্য কৰে। সন্মিলনৰ ক্রিয়েট ইন ইণ্ডিয়া শীর্ষক প্রতিযোগিতাত ভাগ লোৱা সংগীত শিল্পী সকলে তেওঁলোকৰ প্ৰদৰ্শনৰ যোগেদি ভাৰতবৰ্ষৰ গুৰুত্ব সুন্দৰভাৱে দাঙি ধৰিছে বুলি শ্ৰী যাজুৱে উল্লেখ কৰে। প্ৰতিযোগিতাৰ সংগীত বিভাগৰ বিভিন্ন প্রতিযোগিতাত বিজয়ীসকলক চৰকাৰৰ তৰফৰ পৰা বিদেশ ভ্ৰমণৰ সময়ত অন্য দেশত নিজৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ সুবিধা প্ৰদান কৰা হ’ব বুলিও তেওঁ
মন্তব্য কৰে। যি সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰা পেছাদাৰী সংগীতৰ দলৰ প্ৰয়োজনীয়তাৰ কথা আহিছিল সেই সময়তে এনে বহু প্রতিভাক চিনাকি কৰাই দিয়াত এই ৱেভছ সন্মিলনৰ গুৰুত্ব আছে বুলিও শ্ৰী যাজুৱে উল্লেখ কৰে।
সচিবগৰাকীয়ে আকাশবাণীৰ সংবাদদাতাক জনাই যে এই ৱেভচ সন্মিলনে বিনিয়োগ, ব্যৱসায়, কলা-সংস্কৃতিৰ লগতে গনজাগৰণৰ এখন মঞ্চ হিচাপেও পৰিচয় লাভ কৰিছে। উল্লেখযোগ্য যে মুম্বাইত অনুষ্ঠিত ৪ দিনীয়া এই ৱেভছ সন্মিলনৰ আজি সামৰণি পৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।