ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৱকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ সৈতে জড়িত বিষয়টো চলিত মাহৰ ১৫ তাৰিখে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে ৱকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ সৈতে জড়িত বিষয়টো চলিত মাহৰ ১৫ তাৰিখে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ দ্বাৰা গঠিত বিচাৰপীঠে এই আইনখনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ এটা গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে কয়, যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে দিয়া শপতনামা সুক্ষ্মভাৱে অধ্যয়ন কৰা নাই। তেওঁ কয়, যে এই বিষয়টো পৰৱৰ্তী মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গৱাইৰ ওচৰত ৰখা হ’ব। তেওঁ লগতে কয়, যে তেওঁ ন্যায়াধীশ গৱাইক বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ কিছু সময় দিব বিচাৰিছে। উল্লেখযোগ্য যে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গৱাইয়ে চলিত মাহৰ ১৪ তাৰিখে ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব।