ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 26, 2024 8:38 PM | remal cyclone

printer

ৰেমল ঘূৰ্ণী বতাহজাকৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিমবংগ চৰকাৰৰ সাহায্য আৰু পুনৰ সংস্থাপন ব্যৱস্থা গ্ৰহণ

পশ্চিমবংগ চৰকাৰে ৰেমল নামৰ ঘূৰ্ণী বতাহজাকৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, উত্তৰ বংগোপসাগৰত সৃষ্টি হোৱা ৰেমল নামৰ ঘূৰ্ণী বতাহজাক পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জৰ পৰা প্ৰায় ২৭০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ পূৱত প্ৰচণ্ড ঘূর্ণী বতাহলৈ ৰূপান্তৰিত হৈছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে বতাহজাক উত্তৰ দিশলৈ গতি কৰিব আৰু প্ৰতিঘণ্টাত ১১০ৰ পৰা ১৩৫ কিলোমিটাৰ বেগেৰে আজি মাজনিশালৈ বাংলাদেশৰ খেপোপাৰা আৰু পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জত খুন্দা মৰাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে ৰাজ্যৰ সচিবালয়ত এটা বিশেষ নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে। ইফালে আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সম্ভাব্য দুৰ্যোগ প্রতিহত কৰাৰ বাবে এটা সংহত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। ইপিনে, কোলকাতা বিমান বন্দৰ কৰ্তৃপক্ষই ঘূৰ্ণী বতাহজাকৰ সম্ভাৱ্য প্ৰভাৱলৈ চাই আজি দুপৰীয়াৰ পৰা ২১ ঘণ্টাৰ বাবে বিমানৰ চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ মুখপাত্রই প্রকাশ কৰা মতে, এই সময়ছোৱাত বন্দৰটোৰ পৰা অহা যোৱা কৰা ৩৯৪ খন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বন্ধ থাকিব। ইতিমধ্যে ভাৰতীয় নৌবাহিনীয়ে তাৎক্ষণিক আৰু প্ৰয়োজনীয় সাহায্য প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতীয় নৌ বাহিনীয়ে ক্ষতিগ্রস্ত লোকৰ সাহায্যৰ বাবে দুৰ্যোগ সাহায্য সঁহাৰি আৰু চিকিৎসা সা-সঁজুলি তথা মানৱীয় সাহায্যসহ দুখন জাহাজ সাজু কৰি ৰাখিছে। ইয়াৰ লগতে প্ৰয়োজনীয় তাৎক্ষণিক সাহায্য প্ৰদানৰ বাবে কলকাতা আৰু বিশাখাপট্টনমত গভীৰ পানীত জাঁপ মাৰিব পৰা বিশেষ দল সাজু কৰি ৰখা হৈছে ।