June 1, 2024 8:41 PM

views 26

পশ্চিমবংগসহ দেশৰ উত্তৰ-পূব অংশত ৰীমাল ঘূর্ণি বতাহৰ ফলত প্ৰাণনাশ আৰু ক্ষয়-ক্ষতিকলৈ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ গভীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পশ্চিমবংগসহ দেশৰ উত্তৰ-পূব অংশত ৰীমাল ঘূর্ণি বতাহৰ ফলত হোৱা প্ৰাণনাশ আৰু ক্ষয়-ক্ষতিকলৈ গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুমুৱে আজি সামাজি মাধ্যমযোগে কয় যে, ৰীমাল ধুমুহাৰ ফলত ধন-জন হানি হোৱা আৰু ভালেসংখ্যক লোকক আন ঠাইলৈ স্থানান্তৰ কৰিবলগীয়া হোৱা ঘটনাই তেওঁক ব্যাথিত কৰি তুলিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সমগ্ৰ দেশ এই প্রাকৃতিক বিপর্যয়ৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ সৈতে আছে। তেওঁ লগতে উদ্ধাৰ আৰু সাহাৰ্য প্ৰয়াসৰ সফল্য কামনা কৰে আৰু শীঘ্ৰে...

May 30, 2024 2:31 PM

views 46

ৰীমাল ঘূর্ণিবতাহৰ প্ৰভাৱত অসম তথা উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত ক্ষয়-ক্ষতি লগতে ডিমা হাচাওত ৰে’ল চলাচল ব্যাহত

ৰীমাল ঘূর্ণিবতাহৰ প্ৰভাৱত অসম তথা উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত ভালেমান ক্ষয়-ক্ষতি হোৱাৰ লগতে ডিমা হাচাও জিলাত ৰে'ল চলাচল ব্যাহত হৈছে। জিলাখনৰ পাহাৰীয়া অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত ৰে'লপথ আৰু সুৰংগসমূহত পানী জমা হৈছে। ইয়াৰ ফলস্বৰূপে উত্তৰ-পূব ৰে'লৱে কিছুসংখ্যক ৰে'লৰ সেৱা বাতিল কৰাৰ লগতে কেইখন মান আংশিকভাৱে বাতিল নাইবা পুনৰ সময় নিৰ্ধাৰণ কৰিবলগীয়া হয়। নিউ হাফলঙৰ পৰা বান্দৰখাললৈ ৰে'ল পথৰ ক্ষয়-ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰে'লৰ যাত্ৰা বাতিল কৰাৰ লগতে আন কেইখনমান ৰে'লৰ যাত্ৰা আংশিকভাৱে বাতিল ...

May 29, 2024 12:30 PM

views 34

ৰীমাল ঘূর্ণী বতাহ গভীৰ নিম্নচাপলৈ ৰূপান্তৰিত হৈছে

ৰীমাল ঘূর্ণী বতাহ দুৰ্বল হৈ পৰিছে আৰু গভীৰ নিম্নচাপলৈ ৰূপান্তৰিত হৈছে। বতাহজাক ক্রমান্বয়ে অধিক দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বতাহ জাকৰ প্রভাৱত পৰৱৰ্তী ৫ দিনত উত্তৰ বংগৰ জলপাইগুৰি, কালিমপোং আৰু আলিপুৰ দুৱাৰ জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

May 29, 2024 12:25 PM

views 36

উত্তৰ-পূৰ্বাঞ্চলত ৰীমাল ঘুর্ণী বতাহৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত, কেইবাজনো লোকৰ প্ৰাণহানি

ৰীমাল ঘুর্ণী বতাহৰ প্ৰভাৱত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ইয়াৰ ফলত অঞ্চলটোৰ ভালেমান এলেকা প্ৰভাৱিত হৈছে। ধুমুহা-বৰষুণ আৰু ভূমিস্খলনৰ ঘটনাত অসমত চাৰিজন, মিজোৰামত ২৮জন আৰু মেঘালয়ত এজন লোকে প্ৰাণ হেৰুৱাইছে। ধাৰাসাৰ বৰষুণৰ সৈতে অহা প্ৰবল বতাহৰ ফলত ভালেমান অঞ্চলত গছ, বিদ্যুতৰ খুঁটা উভালি পৰিছে আৰু বিদ্যুৎ তথা ইণ্টাৰনেট সেৱা ব্যাহত হৈছে। বৰষুণৰ বাবে ঠাইবিশেষে ভূমিস্খলন হোৱা বুলিও জানিব পৰা গৈছে। অসমত কালি ধাৰাসাৰ ধুমুহা-বৰষুণ আৰু ভূমিস্খলনৰ ফলত চাৰিজন ল...

May 28, 2024 7:57 PM

views 38

ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত

বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ৰাজ্যত আজি ধাৰাসাৰ ধুমুহা-বৰষুণ আৰু ভূমিস্খলনৰ ফলত চাৰিজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে। আনহাতে, কামৰূপ জিলাত এজন আৰু কামৰূপ মহানগৰত আন এজন লোকৰ ধুমুহাৰ ফলত মৃত্যু হয়। ইফালে, গেৰুকামুখত এন এইচ পি চি ...

May 28, 2024 5:23 PM

views 35

ঘূৰ্ণী বতাহ ৰেমলৰ সৈতে মোকাবিলাৰ বাবে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহলৈ সহযোগিতা

ভয়াৱহ ঘূৰ্ণী বতাহ ৰেমলৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহলৈ সহযোগিতা আগবঢ়াইছে। বংগোপ সাগৰত সৃষ্টি হোৱা নিম্নচাপ ২২ মে'ত ঘূৰ্ণী বতাহলৈ ৰূপান্তৰিত হৈছিল আৰু তাৰ পাছতেই পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলত প্ৰৱেশ কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কৈছে যে উপকূলৰক্ষী বাহিনীৰ উত্তৰ-পূব সংমণ্ডলৰ মুখ্য কাৰ্যালয়ে পূৰ্বে নিৰ্ধাৰণ কৰা অনুসৰি বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাৰ সৈতে সমন্বয় নিশ্চিত কৰিছে যাতে সাগৰত কোন...

May 28, 2024 5:28 PM

views 41

ৰাজ্যত ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত

ৰাজ্যত আজি  প্ৰবল ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এগৰাকী ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত মৃত্যুমুখত পৰে। আনফালে, গেৰুকামুখত এন এইচ পি চি প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমি স্খলনৰ ফলত মৃত্যু ঘটে। বংগোপ সাগৰত সৃষ্টি হোৱা ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণ হৈ আছে আৰু কেইবাখনো জিলাত সতর্কতা জাৰি কৰা হৈছে। চৰকাৰী সংস্থাসমূহে বঙাইগাঁও, দৰং, ধুবুৰী, হোজাই, কামৰূপ, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ আৰু দক্ষি...

May 28, 2024 4:33 PM

views 35

পশ্চিমবংগত ৰেমল ঘূৰ্ণী বতাহজনিত ঘটনাত ৬ জন লোকৰ মৃত্যু

পশ্চিমবংগত ৰেমল ঘূৰ্ণী বতাহজনিত ঘটনাত ৬ জন লোকে প্ৰাণ হেৰুৱাইছে। উত্তৰ আৰু দক্ষিণ ছবিব্বশ পৰগনা জিলা, কলকাতা আৰু কাষৰীয়া অঞ্চলসমূহত বৰষুণ আৰু ধুমুহা বন্ধ হৈছে যদিও দক্ষিণ আৰু উত্তৰ ছবিব্বশ পৰগনা জিলাৰ উপকূলীয় এলেকাৰ অধিকাংশ পানীৰ তলত বুৰ গৈ আছে। পৰিস্থিতি উন্নত হোৱালৈ চাই জনসাধাৰণে চৰকাৰী আশ্ৰয় স্থলীৰ পৰা নিজ ঘৰলৈ উভতিবলৈ লৈছে। অৱশ্যে উত্তৰ বংগৰ একাংশ জিলাত আজি পুনৰ বৰষুণ হৈছে।

May 26, 2024 8:38 PM

views 34

ৰেমল ঘূৰ্ণী বতাহজাকৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিমবংগ চৰকাৰৰ সাহায্য আৰু পুনৰ সংস্থাপন ব্যৱস্থা গ্ৰহণ

পশ্চিমবংগ চৰকাৰে ৰেমল নামৰ ঘূৰ্ণী বতাহজাকৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, উত্তৰ বংগোপসাগৰত সৃষ্টি হোৱা ৰেমল নামৰ ঘূৰ্ণী বতাহজাক পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জৰ পৰা প্ৰায় ২৭০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ পূৱত প্ৰচণ্ড ঘূর্ণী বতাহলৈ ৰূপান্তৰিত হৈছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে বতাহজাক উত্তৰ দিশলৈ গতি কৰিব আৰু প্ৰতিঘণ্টাত ১১০ৰ পৰা ১৩৫ কিলোমিটাৰ বেগেৰে আজি মাজনিশালৈ বাংলাদেশৰ খেপোপাৰা আৰু পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জত খুন...

May 26, 2024 6:36 PM

views 25

উত্তৰ বঙ্গোপসাগৰত সৃষ্ট ৰেমল ঘূৰ্ণিবতাহজাক মাজনিশালৈ বাংলাদেশ আৰু কাষৰীয়া পশ্চিমবংগৰ উপকূলভাগ পাৰ হৈ যোৱাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ বঙ্গোপসাগৰত সৃষ্টি হোৱা ৰেমল নামৰ ঘূৰ্ণিবতাহজাক পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জৰ পৰা প্ৰায় ২৭০ কিলোমিটাৰ দক্ষিণ - দক্ষিণ পূৱত প্রচণ্ড ঘূর্ণিবতাহলৈ ৰূপান্তৰিত হৈছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে বতাহজাক উত্তৰ দিশলৈ গতি কৰিব আৰু প্ৰতিঘণ্টাত ১১০ ৰ পৰা ১৩৫ কিলোমিটাৰ বেগেৰে আজি মাজনিশালৈ বাংলাদেশ আৰু কাষৰীয়া পশ্চিমবংগৰ উপকূলভাগ পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে। ইপিনে, কলকাতা বিমান বন্দৰ কৰ্তৃপক্ষই ঘূৰ্ণি বতাহজাকৰ সম্ভাৱ্য প্ৰভাৱলৈ চাই আজি দুপৰীয়াৰ পৰা ২১ ঘণ্টাৰ বাবে বিমানৰ...