ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিভিন্ন স্থানত অভিযান অব্যাহত

কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ৰাষ্ট্ৰ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে। পহলগামৰ নৃশংস ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত এইপর্যন্ত ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কালি নগাঁও জিলাৰ চামগুৰিত মাছুম আজাহাৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়। সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰাৰ অভিযোগত হোজাই আৰক্ষীয়ে মকছিদুল আলমক গ্রেপ্তাৰ কৰে। একেদৰে অনুৰূপ অভিযোগত গুৱাহাটীৰ পৰা ডিম্পল বৰুৱা, শ্রীভূমি জিলাৰ কালিগঞ্জৰ পৰা মুস্তাক আহমেদক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। কামৰূপ জিলাৰ হাজোৰ পৰা আন এজন লোকক অনুৰূপ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। মুখ্যমন্ত্রীগৰাকীয়ে কয়, যে দেশ বিৰোধী মন্তব্য কৰা লোকক গ্ৰেপ্তাৰ কৰা হ’ব। সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট পৰীক্ষা কৰি থকা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক