April 27, 2025 11:01 AM

views 11

ৰাষ্ট্ৰ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিভিন্ন স্থানত অভিযান অব্যাহত

কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ৰাষ্ট্ৰ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে। পহলগামৰ নৃশংস ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত এইপর্যন্ত ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কালি নগাঁও জিলাৰ চামগুৰিত মাছুম আজাহাৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়। সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰাৰ অভিযোগত হোজাই আৰক্ষীয়ে মকছিদুল আলমক গ্রেপ্তাৰ কৰে। একেদৰে অনুৰূপ অভিযোগত গুৱাহাটীৰ পৰা ডিম্পল বৰুৱা, শ্রীভূমি জিলাৰ কালিগঞ্জৰ পৰা মুস...