ৰাষ্ট্ৰ প্ৰথম ভাৱনাৰে কাম কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ দেশৰ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই ৰাষ্ট্ৰ প্ৰথম ভাৱনাৰে কাম কৰিবলৈ দেশৰ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাইছে। নতুন দিল্লীত আয়োজিত বিকশিত ভাৰত যুৱ সংসদত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি কয় যে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ যুৱক-যুৱতীসকলক দেশৰ উন্নয়নৰ যাত্ৰাত অৱদান আগবঢ়াবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয়, যে যুৱ সংসদত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলক দেশৰ ৩০০ খন জিলাৰ পৰা বাচনি কৰা হৈছে আৰু তেঁওলোকে যুৱ সংসদৰ মাধ্যমেৰে দেশৰ গণতান্ত্ৰিক বৈশিষ্টৰ সম্যক ধাৰণা লাভ কৰিব পাৰিব।