ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ত্ৰিভাষা নীতিক লৈ ডি এম কেৰ সাংসদসকলৰ সংসদভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত

ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ত্ৰিভাষা নীতিক লৈ ডি এম কেৰ সাংসদসকলে আজি সংসদভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। দলটোৰ সাংসদ কানিমোঝিয়ে সংবাদ মাধ্যমৰ আগত তামিলনাডুৰ বাবে শিক্ষা পুঁজি মুকলি কৰি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। তেওঁ লগতে শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি লোকসভাত তামিলনাডু চৰকাৰক লৈ কৰা আপত্তিজনক মন্তব্যৰ বাবে ক্ষমা খোজাৰো দাবী জনায়।

কেৰালাৰ ইউ ডি এফৰ সাংসদসকলেও আজি সংসদভৱনৰ বাহিৰত আশাকৰ্মীসকলৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদমাধ্যমৰ সৈতে হোৱা কথাবতৰাত কংগ্ৰেছ সাংসদ কে বি বেনুগোপালে কয়, যে আশাকর্মীসকলে ২৪ ঘণ্টাই স্বাস্থ্য সেৱাৰ সৈতে জড়িত হৈ থাকি স্বাস্থ্যখণ্ডত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।