May 23, 2025 3:50 PM

views 21

মস্কোত উপস্থিত ডি এম কেৰ সাংসদ কানিমোঝি কৰুণানিধিৰ নেতৃত্বাধীন দল

পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্রাসবাদী কার্যকলাপক উদঙাই দিয়াৰ উদ্দেশ্যৰে ভাৰতে বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰা ৭ টা প্ৰতিনিধি দলৰ মাজৰ ডি এম কেৰ সাংসদ কানিমোঝি কৰুণানিধিৰ নেতৃত্বাধীন দলটো আজি মস্কোত উপস্থিত হয়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত শ্ৰীমতী কৰুণানিধিয়ে, ৰাছিয়াক ভাৰতৰ কৌশলগত সহযোগী দেশ বুলি অভিহিত কৰি কয়, যে কূটনৈতিক বিষয় আৰু বাণিজ্যৰ ক্ষেত্ৰত উভয় দেশেই একেলগে কাম কৰি আহিছে। ভাৰতবৰ্ষ সততে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কবলত পৰা বিষয়টো সন্দৰ্ভত ৰাছিয়াক অৱগত কৰোৱাটো গুৰুত্বপূৰ্ণ বু...

April 11, 2025 6:23 PM

views 32

ডি এম কেৰ নেতা তথা তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে দলৰ উপ-সাধাৰণ সচিব পনমুদীক পদৰ পৰা বহিষ্কাৰ কৰিছে

ডি এম কেৰ নেতা তথা তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে আজি দলৰ উপ-সাধাৰণ সচিব পনমুদীক এই পদৰ পৰা বহিষ্কাৰ কৰে। পনমুদীয়ে মহিলা সন্দৰ্ভত বিৰূপ মন্তব্য কৰা এটা ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছত ডি এম কেৰ সাংসদ কানিমুঝিকে ধৰি বিভিন্ন মহলে ইয়াৰ ব্যাপক সমালোচনা কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয়। পনমুদীয়ে ষ্টেলিন চৰকাৰৰ বন মন্ত্ৰী হিচাপেও দায়িত্বভাৰ গ্ৰহণ কৰি আছিল। মন্ত্ৰীগৰাকীৰ মন্তব্য ভিডিঅ’টো অনলাইন মাধ্যমত বহুল প্ৰচাৰ হোৱাৰ ফলত দলৰ শীৰ্ষ নেতৃত্বই অতি শীঘ্ৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। ত্ৰ...

March 11, 2025 5:59 PM

views 20

ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ত্ৰিভাষা নীতিক লৈ ডি এম কেৰ সাংসদসকলৰ সংসদভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত

ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ত্ৰিভাষা নীতিক লৈ ডি এম কেৰ সাংসদসকলে আজি সংসদভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। দলটোৰ সাংসদ কানিমোঝিয়ে সংবাদ মাধ্যমৰ আগত তামিলনাডুৰ বাবে শিক্ষা পুঁজি মুকলি কৰি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। তেওঁ লগতে শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি লোকসভাত তামিলনাডু চৰকাৰক লৈ কৰা আপত্তিজনক মন্তব্যৰ বাবে ক্ষমা খোজাৰো দাবী জনায়। কেৰালাৰ ইউ ডি এফৰ সাংসদসকলেও আজি সংসদভৱনৰ বাহিৰত আশাকৰ্মীসকলৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদমাধ্যমৰ সৈতে হোৱা কথাবতৰাত কংগ্ৰেছ সাংসদ কে বি ...