ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ ২৬ৰ পৰা ২৮ জুনলৈকে গুৱাহাটী বিশ্ববিদ্যালয় নিৰীক্ষণ

গুৱাহাটী বিশ্ববিদ্যালয়ে চতুৰ্থ চক্ৰৰ মূল্যায়ন আৰু স্বীকৃতি প্ৰদানৰ বাবে আহিবলগীয়া ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদক আদৰিবলৈ সাজু হৈছে। বিশ্ববিদ্যায়খনৰ মূল্যায়নৰ বাবে অহা ২৬ৰ পৰা ২৮ জুনলৈকে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দলটোৱে বিশ্ববিদ্যালয়ৰ যাৱতীয় কার্যকলাপ সম্বন্ধে নিৰীক্ষণ কৰিব। প্ৰতিটো বিভাগৰে ছাত্ৰ-ছাত্ৰীৰ লগতে দলটোৱে শৈক্ষিক দিশৰ বিষয়েও পৰিদৰ্শন কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্রতাপজ্যোতি সন্দিকৈয়ে মূল্যায়নৰ সময়ছোৱাত বিশ্ববিদ্যালয়ৰ সংশ্লিষ্ট সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।