ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 1, 2024 7:57 PM | Assam | Peraolympics

printer

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত পদক জয়ী খেলুৱৈসকলক অসম পেৰালিম্পিক সন্থাৰ সম্বৰ্দ্ধনা

অসম পেৰালিম্পিক সন্থাই সদ্যসমাপ্ত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত পদক জয়ী খেলুৱৈসকলক আজি খানাপাৰাত আয়োজিত এটা অনুষ্ঠানত সম্বৰ্দ্ধনা জনায়। গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্রতিযোগিতাত দুটা সোণ জয় কৰা কৃষ্ণা দাস, এটা সোণ লাভ কৰা সূৰ্য শ‍ইকীয়াক আজি সম্বৰ্দ্ধনা জনোৱা হয়। আনহাতে, তিনিটা ৰূপ জয়ী য়েছমিন খাতুন তথা এটাকৈ ব্ৰঞ্জ জয় কৰা ছাজিদা বেগম আৰু প্ৰীতি দাসকো অসম পেৰালিম্পিক সন্থাই সম্বৰ্দ্ধনা জনায়। অনুষ্ঠানত সন্থাৰ সভাপতি চন্দন বৰুৱা, সম্পাদক ৰাজীৱ দে, উপ-সভাপতি দোৰথি ছুচিয়াং, অসম পেট্ৰ’ কেমিকেলছ লিমিটেডৰ সঞ্চালক জিতু তালুকদাৰ আৰু ইউকো বেংকৰ মাণ্ডলিক কাৰ্যালয়ত মুখ্য প্ৰৱন্ধক কুকিলা বৰকটকীও উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অসমে তিনিটা সোণসহ মুঠ আঠটা পদক লাভ কৰিছে।