ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণৰ বাবে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সমৰ্থন আদায়ৰ বাবে ভাৰতে অন্য দেশৰ সৈতে একেলগে কাম কৰি আছেঃ জয়শংকৰ

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণৰ বাবে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সমৰ্থন আদায় কৰাৰ বাবে ভাৰতে অন্য দেশৰ সৈতে একেলগে কাম কৰি আছে। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে ৰাষ্ট্ৰসংঘৰ সম্প্ৰসাৰিত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ লাভত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে ভাৰতে দ্বিপাক্ষিক আৰু বহুপাক্ষিক পৰ্যায়ত আৰু নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বাবে চলি থকা আন্তঃ চৰকাৰী আলোচনাত প্ৰচেষ্টা অব্যাহত ৰাখিছে। ড০ জয়শংকৰে কয়, যে ভাৰতে জি-ফ’ৰ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰ জাপান, ব্রাজিল আৰু জাৰ্মানী তথা এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ উন্নয়নশীল দেশৰ বিভিন্ন আঞ্চলিক গোটৰ সৈতে একেলগে কাম কৰি আছে। চৰকাৰে বিষয়টো লৈ গ্লোবেল ছাউথৰূপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত দেশসমূহৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আছে বুলি বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বাবে ৰাষ্ট্ৰসংঘ চনদত সংশোধনৰ প্ৰয়োজন হ’ব। ভালেসংখ্যক দেশে নিৰাপত্তা পৰিষদৰ ব্যাপক সংস্কাৰৰ বাবে মত পোষণ কৰা বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয়, যে নিৰাপত্তা পৰিষদৰ পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ফ্ৰান্স, ৰাছিয়া আৰু ব্ৰিটেইনৰ অধিকাংশসহ কেইবাখনো দেশে ভাৰতৰ স্থায়ী সদস্য পদৰ প্ৰতি সমর্থন আগবঢ়াইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।