ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু দুদিনীয়া মণিপুৰ ভ্ৰমণসূচীৰে আজি ইম্ফলত উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীক বিমান বন্দৰত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, মুখ্য সচিব ড০ পুনিত কুমাৰ গোৱেলকে ধৰি কেইবাগৰাকী শীর্ষ বিষয়াই আদৰণি জনায়। শ্রীমতী মুর্মু বিমান বন্দৰৰ পৰা পোনে পোনে ইম্ফলৰ ৰাজভৱনলৈ যায়। ইয়াৰ পাছত তেওঁ ঐতিহাসিক মাপল কাংজেইবুং পল’ খেলপথাৰত পল’ খেল উপভোগ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁব সন্মানার্থে ইম্ফলৰ চিটী কনভেন্সন চেণ্টাৰত আয়োজন কৰা নাগৰিক অভ্যর্থনা অনুষ্ঠানত অংশ লয়। শ্রীমতী মুৰ্মুৱে আজি সন্ধিয়া ৰাজভৱনত ৰাজ্যখনৰ গৃহচ্যুত হোৱা লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰিব।
ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ ইম্ফলত থকা নুপি লাল স্মাৰক পৰিদৰ্শন কৰাৰ লগতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ন্যায় বিচাৰী যুঁজ দিয়া মণিপুৰৰ সাহসী মহিলাসকলৰ প্ৰতি সন্মান জনাব। ইয়াৰ পাছত তেওঁ সেনাপতি জিলাত এখন জনসভাত অংশ ল’ব আৰু জিলাখনত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
Site Admin | December 11, 2025 7:44 PM | Prez ion Manipur
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু দুদিনীয়া ভ্ৰমণসূচীৰে ইম্ফলত উপস্থিত