December 11, 2025 7:44 PM

views 17

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু দুদিনীয়া ভ্ৰমণসূচীৰে ইম্ফলত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু দুদিনীয়া মণিপুৰ ভ্ৰমণসূচীৰে আজি ইম্ফলত উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীক বিমান বন্দৰত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, মুখ্য সচিব ড০ পুনিত কুমাৰ গোৱেলকে ধৰি কেইবাগৰাকী শীর্ষ বিষয়াই আদৰণি জনায়। শ্রীমতী মুর্মু বিমান বন্দৰৰ পৰা পোনে পোনে ইম্ফলৰ ৰাজভৱনলৈ যায়। ইয়াৰ পাছত তেওঁ ঐতিহাসিক মাপল কাংজেইবুং পল' খেলপথাৰত পল' খেল উপভোগ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁব সন্মানার্থে ইম্ফলৰ চিটী কনভেন্সন চেণ্টাৰত আয়োজন কৰা নাগৰিক অভ্যর্থনা অনুষ্ঠানত অংশ লয়। শ্রীমতী মুৰ্মুৱে আজি ...