ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওনাম উপলক্ষে দেশবাসী বিশেষকৈ কেৰালাৰ জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই উপলক্ষে দিয়া এটা বাৰ্তাত কয়, যে এই উৎসৱ কেৰালাৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰ অনন্য নিদর্শন। তেওঁ কয়, যে এই উৎসৱে জনসাধাৰণক সাংস্কৃতিক ধর্মীয় বিশ্বাসৰ উপৰি একতা, সহযোগিতা আৰু সমন্বয়ৰ গুৰুত্বৰ বিষয়ে সোঁৱৰাই দিয়ে। ওনাম দেশৰ কৃষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ উপলক্ষ বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত দিয়া এটা বার্তাযোগে এই উৎসৱে সকলোৰে বাবে আনন্দ, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে। ওনামে কেৰালাৰ পৰম্পৰা আৰু ইয়াৰ চহকী সংস্কৃতিৰ কথা সোঁৱৰাই দিয়ে বুলিও তেওঁ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই উৎসৱ, ঐক্য, আশা তথা সাংস্কৃতিক গৌৰৱৰ প্ৰতীক। এই উৎসৱে সমাজত বন্ধুত্ব গঢ়ি তোলাত সহায় কৰি প্ৰকৃতিৰ সৈতে সকলোৰে বন্ধন সুদৃঢ় কৰে বুলি তেওঁ কয়।
উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন ঠাইত বসবাস কৰা কেৰালাৰ লোকসকলে আজি থিৰু ওনাম উৎসৱ উদযাপন কৰিছে।