ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাষ্ট্ৰপতি মুৰ্মুৱে গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া কাইলৈ সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰক সম্বোধি ভাষণ দিব

গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰক সম্বোধি ভাষণ দিব। ৰাষ্ট্ৰপতিয়ে হিন্দীত দিয়া এই ভাষণৰ পাছতে ইয়াৰ ইংৰাজী ভাষান্তৰ প্ৰচাৰ কৰা হ’ব। আকাশবাণীৰ আটাইবোৰ কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ এই ভাষণ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ নিশা ৯.৩০ বজাত প্ৰচাৰ কৰিব। ৰাষ্ট্ৰপতিৰ এই ভাষণৰ পৰিপ্ৰেক্ষিতত কাইলৈ সন্ধিয়া সাত বাজি ১০ মিনিটত প্ৰচাৰিত হ’বলগীয়া অসমীয়া বাতৰি নিশা ৭.৫০ মিনিটত প্ৰচাৰ কৰা হ’ব।
৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পৰহিলৈ দেওবাৰে পুৱা ৯ বজাত ৰাজ্যবাসীক উদ্দেশি ভাষণ দিব। ৰাজ্যপালৰ ভাষণৰ পৰিপ্ৰেক্ষিতত আমাৰ পুৱা ৯ বজাৰ আঞ্চলিক বাতৰি ৮.৪৫ মিনিটত প্ৰচাৰিত হ’ব।
আকাশবাণীয়ে পৰহিলৈ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ নতুন দিল্লীৰ কৰ্তব্য পথত হ’বলগীয়া কুচকাৱাজ আৰু প্ৰতীকপট শোভাযাত্রা অনুষ্ঠান পুৱা ৯.৪০ মিনিটৰ পৰা পোনপটীয়াকৈ প্ৰচাৰ কৰিব। আনহাতে ২৬ জানুৱাৰীৰ দিনা ৰাজ্যখনত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ ভেটিত আকাশবাণী গুৱাহাটী কেন্দ্ৰই নিশা ৭.৪৫ মিনিটত এখন বিশেষ অনাতাঁৰ প্ৰতিবেদন প্ৰচাৰ কৰিব। ইয়াৰ বাবে দেওবাৰে নিশা ৭.৪৫ মিনিটত প্ৰচাৰ হ’বলগীয়া সংবাদ চলন্তিকা প্ৰচাৰ কৰা নহয়।