ভাৰত ভ্ৰমণৰত মৰিচাচৰ প্ৰধানমন্ত্রী নবীনচন্দ্ৰ ৰামগুলামে আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে। অভ্যাগত আৰু তেওঁৰ প্ৰতিনিধিবৰ্গক আদৰণি জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি, মহাসাগৰ দৃষ্টিভংগী আৰু গ্লোবেল চাউথ অর্থাৎ ঔদ্যোগিক আৰু অৰ্থনৈতিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত বুলি বিবেচিত ৰাষ্ট্ৰসমূহৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাত মৰিচাচৰ বিশেষ স্থান আছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত প্ৰতিটো ক্ষেত্ৰতে সহযোগিতা আৰু অংশীদাৰিত্ব ক্ৰমাৎ বৃদ্ধি পাইছে আৰু এই সম্পৰ্ক শেহতীয়াকৈ কৌশলগত সহযোগিতালৈ উন্নীত হৈছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে মন্তব্য কৰে।
নতুন দিল্লী মহলে মৰিচাৰ্চৰ চৰকাৰৰ উন্নয়নমূলক অগ্ৰাধিকাৰ সমূহৰ প্ৰতি সমৰ্থন আগবঢ়াই অহা কথাটোলৈ সন্তুষ্টি প্ৰকাশ কৰি শ্ৰীমতী মুৰ্মুৱে ভাৰতে আগবঢ়োৱা নতুন বিশেষ অর্থনৈতিক পেকেজে দেশখনৰ চৰকাৰ আৰু জনসাধাৰণৰ আৱশ্যকতা পূৰণ কৰিব পাৰিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে চিকিৎসালয়, পথ, বন্দৰ উন্নয়ন, প্ৰতিৰক্ষা ক্ৰয় আৰু যৌথ নিৰীক্ষণকে ধৰি বিভিন্ন প্রকল্পসমূহে আন্তঃগাথনি খণ্ডক শক্তিশালী কৰি তুলিব আৰু অনাগত সময়ত জনসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব। তেওঁ লগতে কয় যে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক ডিজিটেল প্ৰযুক্তি আৰু মহাকাশ খণ্ডকে ধৰি নতুন নতুন ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হৈছে। প্ৰধানমন্ত্ৰী ৰামগুলামৰ নেতৃত্বত ভাৰত আৰু মৰিচাচৰ মাজৰ পুৰণি দ্বিপাক্ষিক সম্পর্ক অনাগত সময়ত অধিক সুদৃঢ় হৈ উঠিব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আশা প্রকাশ কৰে। এই বৈঠকেৰে প্ৰধানমন্ত্ৰী ৰামগুলামৰ ৮ দিনীয়া ভাৰত ভ্ৰমণৰ সামৰণি পৰে। এই সময়চোৱাত অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে মুম্বাই, বাৰানসী, অযোধ্যা আৰু তিৰুপতি ভ্ৰমণ কৰে৷