ৰাষ্ট্ৰপতি ভৱন চৌহদৰ নতুন গ্ৰন্থ কুটীৰত অসমৰ কেইবাখনো সাঁচিপতীয়া পুথি সংৰক্ষণ

ৰাষ্ট্ৰপতি ভৱন চৌহদত কালি সন্ধিয়া মুকলি কৰা গ্ৰন্থ কুটীৰত অসমৰ কেইবাখনো সাচিপতীয়া পুথিয়ে স্থান লাভ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন সত্রানুষ্ঠান তথা বিজ্ঞ ব্যক্তিৰ পৰা সংগৃহীত ৫ খন প্রাচীন সাচিপতীয়া পুথিকে ধৰি মুঠ ৮ খন এনে পুথিয়ে কুটীৰত স্থান লাভ কৰিছে। উল্লেখযোগ্য যে কালি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মুকলি কৰা গ্ৰন্থ কুটীৰত অসমীয়াকে ধৰি দেশৰ মুঠ ১১ টা ধ্রুপদী ভাষাৰ প্রাচীন পুথি, পাণ্ডুলিপি আৰু অন্যান্য সাহিত্য সম্ভাৰক সংৰক্ষণ কৰাৰ ব্যৱস্থা লোৱা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে ৰাষ্ট্ৰপতি গৰাকীক অসমৰ সাঁচিপতীয়া পুথিৰ ঐতিহ্যৰ সন্দৰ্ভত অৱগত কৰে। এই অনুষ্ঠানত নগাওঁৰ কুজিসত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামী, লখিমপুৰৰ বিষ্ণু চন্দ্র গোস্বামী, নীলকমল গোস্বামী, আৰু মৃদু মৌচম বৰাকে ধৰি সাঁচিপতীয়া পুথিসমূহৰ কেইবাগৰাকীও দাতাই অংশ লয়। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পৰামৰ্শমৰ্মে সাচিপতীয়া পুথি সংগ্ৰহৰ ক্ষেত্ৰত কলাক্ষেত্ৰ সমাজে বিশেষ পদক্ষেপ লৈছে। এই অনুসৰি ৰাজ্যৰ ভিন ভিন স্থানৰ পৰা সংগ্ৰহ কৰা কীৰ্তন ঘোষা, নাম ঘোষা, ভক্তি ৰত্নাৱলী, দশম, গীত গোবিন্দকে ধৰি সাঁচিপতীয়া পুথিসমূহৰ ৰাষ্ট্ৰপতি ভৱনক অৰ্পন কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনত থকা এই গ্রন্থ কুটীৰ প্ৰকল্পৰ দায়িত্ব অসমৰ পংকজ প্ৰতীম বৰদলৈয়ে লাভ কৰিছে।