ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত চিত্রশিল্পী ৰাতুমণি দাসৰ প্ৰচেষ্টাত ২০১৯ চনত তেজপুৰত আৰম্ভ হোৱা যাত্ৰাৰ ১১ সংখ্যক চিত্র প্রদর্শনী আজিৰে পৰা ২৮ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে। এই প্রদর্শনীত অনুষ্ঠিত হ’বলগীয়া কেইবাখনো কর্মশালাত পদ্মভূষণ যতীন দাস, আন্তঃৰাষ্ট্ৰীয় শিল্পী অমিত দত্তকে ধৰি কেইবাজনো শিল্পী সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আন্তঃৰাষ্ট্রীয় স্বীকৃতিপ্রাপ্ত শিল্পী তথা চৰকাৰী চাৰুকলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ তামুলীয়ে আজি এই প্রদর্শনীখন উদ্বোধন কৰে। তেওঁৰ লগত অসমৰ প্ৰাক্তন শিক্ষা মন্ত্রী বৃন্দাবন গোস্বামী আৰু গুৱাহাটী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা লেখক ড০ ধৰণী লাহন বিশেষ অতিথি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে, প্ৰদৰ্শনীখনত ভাৰতৰ আগশাৰীৰ চিত্ৰশিল্পী আৰু বৰ্তমান ফিলিপাইনছৰ ৰাজধানী মেনিলাৰ বিখ্যাত জার্মান ইউৰোপীয় স্কুলৰ ভিজুৱেল আৰ্টছ বিভাগৰ মুৰব্বী সন্তোষ কুমাৰে অংশগ্ৰহণ কৰিছে।
Site Admin | December 26, 2025 5:55 PM | Aakashbani Guwahati | Akashvani | Akashvani News
ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত চিত্রশিল্পী ৰাতুমণি দাসৰ প্ৰচেষ্টাত ১১ সংখ্যক চিত্র প্রদর্শনী আজিৰে পৰা ২৮ ডিচেম্বৰলৈ অনুষ্ঠিত