ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যিক নির্বাচন আয়োগে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। সেই অনুসৰি ৭ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। ২১ ফেব্ৰুৱাৰীৰ ভিতৰত খচৰা ভোটাৰ তালিকা সন্দৰ্ভত আপত্তি দাখিল কৰিব পৰা যাব। ২৮ ফেব্ৰুৱাৰীত ওজৰ-আপত্তি নিষ্পত্তিৰ সময়সীমা ধাৰ্য কৰা হৈছে। পৰিষদৰ নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা ২ মাৰ্চত প্ৰকাশ কৰা হ’ব। নির্বাচন আয়োগে প্রকাশ কৰা মতে যোৱা ২ জানুৱাৰীত প্ৰকাশ কৰা বিধানসভা সমষ্টিভিত্তিক ভোটাৰ তালিকা অনুযায়ী পৰিষদৰ নিৰ্বাচনৰ ভোটাৰ তালিকা প্ৰস্তুত কৰা হ’ব।