ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩ টা সমষ্টিত ভোটগ্রহণ অব্যাহত

ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩ টা সমষ্টিত ভোটগ্রহণ চলি আছে। কামৰূপ জিলাৰ অন্তৰ্গত ১৪ টা পৰিষদীয় সমষ্টিত দিনৰ এক বজালৈকে প্ৰায় ৪৯ শতাংশ ভোটগ্রহণ হোৱা বুলি ৰাজ্যিক নিৰ্বাচন আয়োগৰ সূত্ৰই জনাইছে। গোৱৰ্ধন সমষ্টিত সর্বাধিক ৫৬.১৫ শতাংশ আৰু জাৰিহাট সমষ্টিত সর্বনিম্ন ৪১.৯২ শতাংশ ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে। গোৱালপাৰা জিলাত দিনৰ ১বজালৈকে ৫৩.৮৮ শতাংশ ভোটগ্রহণ হৈছে। জিলাখনৰ দ’দানত সৰ্বাধিক ৬৬.৯৭ আৰু কুশধোৱা দৰংগিৰিত সৰ্বনিম্ন ৪৬.৪ শতাংশ ভোটদান হৈছে। ভোটগ্রহণ এতিয়ালৈকে সূচাৰুৰূপে চলি থকা বুলি আমাৰ কামৰূপ আৰু গোৱালপাৰা জিলাৰ সংবাদদাতাই জনাইছে।
পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্রহণ বিয়লি ৩ বজাত অন্ত পৰিব। আমাৰ সংবাদদাতা দুগৰাকীয়ে জনোৱা মতে, বিভিন্ন ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাসকলে পুৱাৰে পৰা পৰম্পৰাগত সাজ-পোচাক পৰিধান কৰি ভোটকেন্দ্ৰৰ সন্মুখত শাৰী পতা পৰিলক্ষিত হয়। ভোটগ্রহণ মুক্ত, নিকা আৰু সূচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্রশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। মেঘালয়ৰ সীমান্তৱৰ্তী কেইবাটাও ভোটগ্রহণ কেন্দ্রতো ভোটগ্রহণ চলি আছে।
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, গোৱালপাৰা আৰু কামৰূপৰ মুঠ ৪ লাখ ৪৫ হাজাৰৰো অধিক ভোটদাতাই আজি তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচনৰ বাবে ভোটদান কৰিছে। কামৰূপ জিলাৰ দুটা আৰু গোৱালপৰা জিলাৰ এটা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ ১৯ টা সমষ্টিৰ ৩৬২ টা ভোটগ্রহণ কেন্দ্ৰত দুই লাখ ৪০ হাজাৰ ২৫ গৰাকী ভোটদাতাই ৫২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। জয়ৰামকুচি পৰিষদীয় সমষ্টিত এন ডি এৰ প্ৰাৰ্থী প্রেমাজুলি ৰাভা বিনাপ্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে।
কামৰূপ জিলাৰ ১৪ টা পৰিষদীয় সমষ্টিৰ ২০৯ টা ভোটগ্রহণ কেন্দ্ৰত এক লাখ ৬৮ হাজাৰ ৬৬৮ গৰাকী ভোটদাতাই ৪৪ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। জিলাখনৰ ১০ টা কেৱল মহিলা বিষয়াৰ দ্বাৰা আৰু এটা দিব্যাংগ বিষয়াৰ দ্বাৰা পৰিচালনা কৰা হৈছে। জিলাখনৰ দুটা আদৰ্শ কেন্দ্ৰত ভোটগ্রহণ চলি আছে। ৪ এপ্ৰিলত গোৱালপাৰা আৰু আমিনগাঁৱত ভোটগণনা কৰা হ’ব আৰু আবেলিৰ ভাগত ফলাফল ঘোষণা কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।