ৰাজ্য সভাৰ অনুমোদনৰ পিছতে আজি সংসদত উপকূলীয় জাহাজ বিধেয়ক- ২০২৫ গৃহীত হয়। বিধেয়কখন ইয়াৰ পূর্বে লোকসভাত অনুমোদিত হৈছিল। এই বিধেয়কখনৰ জৰিয়তে দেশৰ জলসীমাৰ ভিতৰত বাণিজ্যৰ সৈতে জড়িত জাহাজসমূহক সামৰি লোৱা হ’ব। উপকূলীয় জাহাজ পৰিবহন নিয়ন্ত্ৰণৰ সৈতে জড়িত আইনসমূহ একত্ৰিত আৰু সংশোধন, উপকূলীয় বাণিজ্য আৰু ঘৰুৱা অংশীদাৰীত্বক উৎসাহিত কৰাটো এই আইনখনৰ মূল লক্ষ্য। এই বিধেয়কখনে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ব্যৱসায়িক প্ৰয়াজনীয়তাৰ বাবে দেশৰ নাগৰিকৰ মালিকনাধীন আৰু পৰিচালনাৰ দিশটো নিশ্চিত কৰিব।
বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এয়া এক উল্লেখযোগ্য সংস্কাৰ পদক্ষেপ৷ ইয়াৰ জৰিয়তে দেশৰ ব্যপক আৰু কৌশলগত উপকুলীয় সম্ভাৱনাৰ দুৱাৰ মুকলি হোৱাটো সম্ভৱ হ’ব। তেওঁ কয় যে ইয়াৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত দেশৰ উপকূলীয় মালবাহী যাতায়াতৰ লক্ষ্য ২৩ কৌটি মেট্টিক টনৰ লক্ষ্যত উপনীত হ’ব। তেওঁ লগতে কয় যে এই বিধেয়কখনে উপকূলীয় বাণিজ্য অধিক প্রতিযোগিতামূলক কৰাৰ লগতে ব্যৱসায় সহজ কৰাত সহায়ক হ’ব।
ইয়াৰ পূৰ্বে আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ দৰ্শন সিঙে কয় যে বিধেয়কখনে উপকূলীয় অঞ্চলত দেশৰ সামুদ্রিক সামর্থ্য বৃদ্ধি কৰাৰ লগতে ইয়াক সবল কৰিও তুলিব। এই বিধেয়কে দেশক আত্মনিৰ্ভৰতা, সুৰক্ষা আৰু সৰ্বাত্মক বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিব। শ্রীমতী সিঙে লগতে কয় যে দেশৰ ব্যপক অংশ উপকূলীয় সিমাৰে আগুৰা হ’লেও ইয়াৰ জৰিয়তে দেশৰ অৰ্থনীতিৰ সম্ভাৱনাসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পৰা নাই। তেওঁ লগতে কয় যে মুঠ লজিষ্টিক যাতায়াতৰ মাথো ৬ ৰ পৰা ৭ শতাংশহে উপকূলীয় জাহাজ পৰিবহনে সামৰি লৈছে। শিৱসেনাৰ মিলিন্দ মুৰলী ডেওৰাই কয় যে এই বিধেয়কে দেশৰ অৰ্থনীতি সৱল কৰাৰ বাবে মেক ইন ইণ্ডিয়া কাৰ্য্যসুচীক উৎসাহিত কৰিব। তেওঁ লগতে কয় যে জাহাজেৰে পৰিবহনৰ ক্ষেত্ৰত কেৱল যে ধনেই ৰাহি হয় এয়া নহয়,পৰিৱেশ ৰক্ষাতো সহায় কৰিব। তেওঁ লগতে কয় যে বিগত দহ বছৰত উপকূলীয় জাহাজ আৰু ৰাষ্ট্ৰীয় জলপথসমূহ দ্রুতগতিত বৃদ্ধি পাইছে৷ তেওঁ কয় যে ১০ বছৰ পূৰ্বে ৰাষ্ট্ৰীয় জলপথেৰে মাথো ১.৮ কৌটি টন সামগ্ৰীহে যাতায়ত কৰা হৈছিল যদিও বৰ্তমান ১৩.৩ কোটি টন সামগ্ৰী স্থানান্তৰ কৰা হয়। উল্লেখযোগ্য যে এ আই এ ডি এম কেৰ ড° এম থাম্বিডুৰাই টি ডি পিৰ মাষ্টান ৰাও যাদৱ, অসম গণ পৰিষদলৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বি জে পিৰ কল্পনা চাইনী আৰু আন কেইবাজনো সদস্যই বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাথ অংশগ্ৰহণ কৰে৷
Site Admin | August 7, 2025 8:49 PM | Akashvani | Akashvani Guwahati | Akashvani News | Sarbananda Sonowal
ৰাজ্য সভাৰ অনুমোদনৰ পিছতে আজি সংসদত উপকূলীয় জাহাজ বিধেয়ক- ২০২৫ গৃহীত
