ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব

ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণৰ বিপুল দাবীৰ পৰিপ্ৰেক্ষিতত আদৰৰ শিল্পী জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে এখন সংবাদমেল যোগে এই বিষয়ে নিশ্চিত কৰে। তেওঁ কয়, যে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে যদিও ৰাইজে সমগ্ৰ ঘটনাটোক লৈ সন্দেহ প্ৰকাশ কৰাৰ লগতে বাৰম্বাৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে দাবী উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বাধ্য হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ শেষকৃত্য সময়ৰ কিছু সালসলনি হ’ব পাৰে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। তেওঁ কয়, যে পুৱা ৭.৩০ বজাত এইমছৰ বিশেষজ্ঞ চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰিব। ইয়াৰ আনুমানিক ডেৰ ঘণ্টামানৰ পাছত শিল্পীগৰাকীক সৰুসজাই ষ্টেডিয়ামলৈ লৈ যোৱা হ’ব। ইয়াৰ পাছতে শেষকৃত্যৰ বাবে সমদল উলিওৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ পত্নীৰ বিষয়ে কোনো তথ্যবিহিনভাৱে আপত্তিজনক মন্তব্য কৰি থকা সকলক আইনে সহজভাৱে নল’ব বুলিও সকীয়াই দিয়ে। তেওঁ আৰক্ষী আৰু আইনৰ ওপৰত আস্থা ৰাখি চলিবলৈ আহ্বান জনায়। তেওঁ লগতে সামাজিক মাধ্যমত ঘটনাটোৰ সন্দৰ্ভত বিভ্ৰান্তিকৰ তথ্য বিয়পাই থকা সকলক আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত বিবৃতি দিবলৈও পৰামৰ্শ দিয়ে। অসম আৰক্ষীৰ দল তদন্তৰ বাবে ছিংগাপুৰলৈ গৈ ঘটনাস্থলীৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।