ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 5, 2025 7:37 PM | Assam CM

printer

ৰাজ্যৰ ৩৫ খন জিলা আৰু ২৭ খন সমজিলাত ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী পালন

ৰাজ্যৰ ৩৫ খন জিলা আৰু ২৭ খন সমজিলাত ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকীত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰতিখন জিলা সদৰত ৫ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু কলা- কুশলীয়ে মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি পৰিৱেশন কৰে ।
ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত চৌকিডিঙ্গি খেলপথাৰত সুধাকণ্ঠক স্মৰণ কৰি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৫ হাজাৰ লোকে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰে।
চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ ৩ হাজাৰ শিল্পীয়ে আজি সুধাকণ্ঠৰ কেইবাটাও গীত পৰিৱেশন কৰে। অনুষ্ঠানত মন্ত্ৰী যোগেন মহন মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
যোৰহাট জিলা প্রশাসনেও বিশ্ববৰেণ্য শিল্পীগৰাকীৰ মৃত্যুবার্ষিকী পালন কৰে। অনুষ্ঠানৰ অংশ স্বৰূপে যোৰহাট ষ্টেডিয়ামৰ লগতে তিতাবৰ, টীয়ক আৰু মৰিয়নী সমজিলাত সুকীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয়। হোজাইৰ শংকৰদেৱ নগৰৰ কছাৰী ময়দানত ৫ হাজাৰতকৈ অধিক শিল্পীয়ে একেলগে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰে।
শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ডিং খেলপথাৰত আয়োজিত অনুষ্ঠানত ড° ভূপেন হাজৰিকাক
স্মৰণ কৰা হয়।
বোকাখাত সমজিলা প্ৰশাসনৰ উদ্যোগত বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বোকাখাত শিল্পী সমাজৰ শিল্পীসকলে সুধাকণ্ঠৰ ১৪টি গীত পৰিৱেশন কৰে।
তিনিচুকীয়া জিলাত বিষ্ণু-জ্যোতি সাংস্কৃতিক সমাজে ভূপেন্দ্ৰ সংগীত আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে। কাৰ্বি আংলং জিলাৰ ডিফু কাছা ষ্টেডিয়ামতো সুধাকণ্ঠৰ মৃত্যু বার্ষিকী উপলক্ষে ৫ হাজাৰ শিল্পীয়ে মানৱশৃংখলত অংশগ্ৰহণ কৰে।
শিলচৰৰ পুলিচ পেৰেড গ্রাউণ্ডত আয়োজিত অনুষ্ঠানত শিল্পীসকলে ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীতটি অসমীয়া আৰু বাংলা দুয়োটা ভাষাতে পৰিৱেশন কৰে।
কামৰূপ মহানগৰ জিলা প্ৰশাসনে লতাশিল খেল পথাৰত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদানক সুঁৱৰি বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত সর্বধর্ম প্রার্থনা, ভূপেন্দ্র সংগীত, নৃত্যানুষ্ঠান আদি অনুষ্ঠিত হয়। সদৌ অসম ছাত্ৰ সন্থাই দীঘলীপুখুৰীৰ পাৰত শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত শ্রদ্ধা নিবেদন কৰে। কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত অটো-ৰিক্সা সমদল উলিওৱা হয় ৷
ধুবুৰী জিলাৰ ভোলানাথ মহাবিদ্যালয়ৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত দিনৰ ১১ বজাৰ পৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷
কোকৰাঝাৰত মৃত্যুবার্ষিকীত বিশ্ববৰেণ্য শিল্পীগৰাকীক স্মৰণ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে বড়ো ভাষাত শিল্পীগৰাকীৰ মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰে।
নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ গৰ্ডন খেলপথাৰত ড০ ভূপেন হাজৰিকাৰ মৃত্যুবার্ষিকী
পালন কৰা হয়।