ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 8, 2024 6:52 PM | Polio Vaccine

printer

ৰাজ্যৰ ২৭ খন জিলাত উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক অভিযান ৰূপায়ণ

ৰাজ্যৰ ২৭ খন জিলাত আজিৰে পৰা উপ ৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। গোৱালপাৰা জিলাত আজিৰে পৰা ৩ দিনীয়াকৈ পলিঅ’ প্রতিষেধক অভিযান অনুষ্ঠিত হৈছে। জিলাখনৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে আজি গোৱালপাৰা চহৰত থকা প্ৰস্তুতি আৰু শিশু স্বাস্থ্য কেন্দ্ৰত এই অভিযানৰ শুভাৰম্ভ কৰে। জিলা প্ৰতিষেধক বিষয়া ডাঃ জয়দীপ ভট্টাচার্যই প্ৰকাশ কৰা মতে, জিলাখনত জন্মৰ পৰা ৫ বছৰ বয়সৰ ২ লাখ ১০ হাজাৰৰো অধিক শিশুক এই বিশেষ অভিযানৰ জৰিয়তে পলিঅ’ প্রতিষেধক দিয় হব। আজি জিলাখনৰ ৯২৩ টা কেন্দ্ৰত এই প্রতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীত বাদ পৰি যোৱা শিশুসকলক কাইলৈ আৰু পৰহিলৈ স্বাস্থ্য কৰ্মীসকলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান কৰিব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। শিৱসাগৰ জিলাৰ ৫৫০ টা কেন্দ্ৰত ৫ বছৰ পৰ্যন্ত বয়সৰ শিশুসকলক প্ৰতিষেধক প্ৰদান কৰা হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, এই অভিযানৰ দ্বাৰা জিলাখনৰ ৯৭,৭২৬ টি শিশুক পলিঅ’ প্ৰতিষেধক দিয়া হব। পৰহিলৈ সামৰণি পৰিবলগীয়া এই অভিযান সফল কৰি তোলাৰ বাবে জিলাখনৰ স্বাস্থ্য বিভাগে প্ৰতিটো বিভাগক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। কাৰ্বি আংলং জিলাতো আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে ডিফুৰ ৰংথেআঙত জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অভিযানৰ ৯২ হাজাৰ শিশুক দুপালিকৈ পলিঅ’ প্ৰতিষেধক খুওৱা হব। জিলাখনত ইয়াৰ বাবে ২ হাজাৰ স্বাস্থ্য কৰ্মী নিয়োগ কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনত উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলাখনত এইবাৰ ১ লাখ ৪০ হাজাৰৰো অধিক শিশুক প্রতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। চিৰাং জিলাত ৬৯ হাজাৰৰো অধিক শিশুক এইবাৰ পলিঅ’ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। জিলাখনত আজি ৪৩৮ টা কেন্দ্ৰত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। ধুবুৰী জিলাৰ ৩ লাখৰো অধিক শিশুক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। একেদৰে বঙাইগাওঁ জিলাত ৫ বছৰ পৰ্যন্ত বয়সৰ ১ লাখ ১২ হাজাৰৰো অধিক শিশুক পলিঅ’ প্রতিষেধক প্ৰদান কৰিবলৈ লোৱা হৈছে। আজি অতিৰিক্ত জিলা আয়ুক্ত দিম্পী গগৈয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।