October 8, 2025 8:41 PM

views 33

কাৰ্বি আংলং জিলাত শুকুৰবাৰে ৫ বছৰৰ বয়সৰ তলৰ শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব

কাৰ্বি আংলং জিলাত পৰহিলৈ ৫ বছৰৰ বয়সৰ তলৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। জিলাখনত ৯০ হাজাৰতকৈ অধিক শিশুক সামৰি মুঠ ৬৫৪ টা পলিঅ' বুথত এই খোৰাক দিবৰ বাবে ২ হেজাৰ ৫৬০ গৰাকী কৰ্মী নিয়োজিত কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত আয়োজিত জিলা টাস্ক ফোৰ্চৰ সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ যুটীয়া সচিব ৰাজেশন টেৰাঙে এই কথা সদৰি কৰে। তেওঁ কয়, যে আমাৰ দেশত পলিঅ' ৰোগ সম্পূৰ্ণ শেষ হোৱা নাই। সেয়ে উপ ৰাষ্ট্ৰীয় প্ৰতিষেধক অভিযান আৰম্ভ কৰিব লগা হৈছে। সভাত উপস্থিত থকা শিক্ষা বিভাগ ...

December 8, 2024 6:52 PM

views 43

ৰাজ্যৰ ২৭ খন জিলাত উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক অভিযান ৰূপায়ণ

ৰাজ্যৰ ২৭ খন জিলাত আজিৰে পৰা উপ ৰাষ্ট্ৰীয় পলিঅ' প্রতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। গোৱালপাৰা জিলাত আজিৰে পৰা ৩ দিনীয়াকৈ পলিঅ' প্রতিষেধক অভিযান অনুষ্ঠিত হৈছে। জিলাখনৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে আজি গোৱালপাৰা চহৰত থকা প্ৰস্তুতি আৰু শিশু স্বাস্থ্য কেন্দ্ৰত এই অভিযানৰ শুভাৰম্ভ কৰে। জিলা প্ৰতিষেধক বিষয়া ডাঃ জয়দীপ ভট্টাচার্যই প্ৰকাশ কৰা মতে, জিলাখনত জন্মৰ পৰা ৫ বছৰ বয়সৰ ২ লাখ ১০ হাজাৰৰো অধিক শিশুক এই বিশেষ অভিযানৰ জৰিয়তে পলিঅ' প্রতিষেধক দিয় হব। আজি জিলাখনৰ ৯২৩ টা কেন্দ্ৰত এই প্রতিষেধক প্ৰদানৰ ব...

December 5, 2024 9:04 PM

views 29

দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ৮ ডিচেম্বৰৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ’ দিৱস উদযাপন কৰা হ’ব

দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ অতিৰিক্ত মুখ্য চিকিৎ‍সা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ সহযোগত অহা ৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ' দিৱস উদযাপন কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ ৫ বছৰ তলৰ এক লাখ ৪০ হাজাৰ ৭১৩টা শিশুক ৮৫৭টা কেন্দ্ৰত প্ৰতিষেধক দিয়া হ'ব। ইতিমধ্যে ৩৪৯ গৰাকী এ এন এম, এহেজাৰ ১০ গৰাকী আশাকর্মী, এহেজাৰ ১১৯ গৰাকী অংগনৱাড়ী কৰ্মী, ২১১ গৰাকী পৰিদৰ্শক আৰু ২৯১ গৰাকী স্বেচ্ছাসেৱকক এই কাৰ্যসূচীত নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে ৮ ডিচেম্বৰত মঙলদৈ অসামৰিক ...

December 4, 2024 12:26 PM

views 25

অহা ৮ পৰা ১০ ডিচেম্বৰলৈ সমগ্ৰ দেশৰ লগতে অসমতো ৰাষ্ট্ৰীয় প্ৰতিষেধক কার্যসূচী ৰূপায়ণ

অহা ৮ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ সমগ্ৰ দেশৰ লগতে অসমতো ৰাষ্ট্ৰীয় প্ৰতিষেধক কার্যসূচী ৰূপায়ণ কৰা হ'ব। দেশৰ ২৩৪খন জিলাত ৰূপায়ণ হ'বলগীয়া এই ৰাষ্ট্ৰীয় কাৰ্যসূচীত অসমৰ ২৭খন জিলাক সামৰি লোৱা হৈছে। এই তিনিদিনীয়া অভিযান কালত পূৰ্বৰ পাচ পোলিঅ' অভিযান কালত বাদ পৰি যোৱা ৫ বছৰৰ তলৰ সকলো শিশুকে পোলিঅ' প্রতিষেধক প্ৰদান কৰা হ'ব। ৮ ডিচেম্বৰত প্ৰতিষেধক প্ৰদান কেন্দ্ৰত এই পোলিঅ' প্রতিষেধক পালি খুওৱা হ'ব। ইয়াৰ পৰা বাদ পৰি যোৱা শিশুসকলক ৯ আৰু ১০ ডিচেম্বৰত স্বাস্থ্য কর্মীয়ে ঘৰে ঘৰে গৈ পোলিঅ' প্ৰতিষেধক প্ৰদা...