ডাউনলোড
মোবাইল এপ

android apple
signal

July 10, 2025 12:48 PM | Assam CM

printer

ৰাজ্যৰ হিতাধিকাৰী বাছনি প্রক্রিয়া অহা ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ শীঘ্ৰে আৰম্ভ কৰিব পৰাকৈ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া অহা ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিছে। চিৰাং জিলাত কালি বিভিন্ন জনকল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে এই নির্দেশ দিয়ে। তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশ লৈ তৃতীয় পৰ্যায়ৰ অৰুণোদয়, মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ অসম অভিযান, মহিলা উদ্যমিতা অভিযান আৰু ৰেচন কাৰ্ড বিতৰণৰ সফল ৰূপায়ণৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ লয়। এই আঁচনিসমূহ ৰূপায়ণত যাতে কোনো যোগ্য হিতাধিকাৰী বাদ পৰি নাযায়, তাৰবাবে উচিত ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তক নির্দেশ দিয়ে। তেওঁ কয়, যে চিৰাঙত বিগত সময়ছোৱাত ৩০ হাজাৰ লোকক অৰুণোদয় আঁচনিৰ জৰিয়তে সামৰি লোৱা হৈছে আৰু তৃতীয় পৰ্যায়ত ৬০ হাজাৰ হিতাধিকাৰীক এই সুবিধা প্ৰদান কৰা হ’ব। একেদৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে জিলাখনৰ নাৰী সমাজৰ সৱলীকৰণ নিশ্চিত কৰিবলৈ তেওঁ জিলা আয়ুক্তক নির্দেশ দিয়ে। জিলাখনৰ ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে চিদলী আৰু বিজনী সমষ্টিৰ ৮ হাজাৰ হিতাধিকাৰীক চিনাক্ত কৰি যাৱতীয় পদক্ষেপ ল’বলৈ আয়ুক্তক নির্দেশ দিয়ে। ইপিনে, চম্পা নৈৰ দুয়োপাৰে বসবাস কৰা লোকসকলৰ সুবিধার্থে শীঘ্ৰেই এই নৈৰ ওপৰত চাৰিখন দলং নিৰ্মাণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি অসম মালা আঁচনিৰ অধীনত জিলাখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ উন্নয়ন কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।