ৰাজ্যৰ সম্ভাব্য বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ ১৬টা জলাশয় খনন কৰাৰ সিদ্ধান্ত

● ৰাজ্যখনৰ সম্ভাব্য বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ১৬টা জলাশয় খনন কৰাৰ সিদ্ধান্ত লৈছে। বাৰিষা বৰষুণৰ পানী জমা কৰিবলৈ এই জলাশয়সমূহ খনন কৰাৰ বাবে বিভাগটোৱে যুগুত কৰা ৬৩৪ কোটি ৮৩ লাখ টকাৰ বিতং প্রকল্প প্ৰতিবেদনত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ কাৰ্যবাহী পৰিষদে অনুমোদন জমাইছে। এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে জনসম্পদ বিভাগে পুঁজি বিচাৰি শীঘ্ৰেই কেন্দ্ৰ চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব। এই জলাশয়সমূহ শোণিতপুৰ, যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, মাজুলী, তিনিচুকীয়া, মৰিগাঁও আৰু কামৰূপ জিলাত খনন কৰা হ’ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জলসম্পদ বিভাগে প্রথম পৰ্যায়ত বানৰ আশংকা অধিক থকা জিলাসমূহত প্রাকৃতিক জলাশয় সমূহক খনন কৰি পানী বহন কৰাৰ ক্ষমতা বৃদ্ধিৰ পৰিকল্পনা কৰিছে। উল্লেখযোগ্য যে, কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অসমত বানৰ প্ৰকোপ হ্ৰাস কৰাৰ বাবে বৃহৎ পুখুৰী খন্দাৰ পৰামৰ্শ দিছিল।