ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত হোৱা অবৈধ দখল সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্রহণ

● ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত হোৱা অবৈধ দখল সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্রহণ কৰিছে। সংৰক্ষিত বনাঞ্চলত হোৱা উচ্ছেদক প্ৰত্যাহ্বান জনাই তৰা কেইবাটাও গোচৰৰ শুনানি গ্ৰহণ কৰি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে বিষয়টো সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত যাতে কোনো ধৰণৰ অবৈধ দখল হব নোৱাৰে তাৰ বাবে সঠিক ব্যৱস্থাপনা গ্রহণ কৰিবলৈ ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিছে। সংৰক্ষিত বনাঞ্চলসমূহৰ দখল ৰোধ কৰাৰ বাবে ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিবলৈও ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিছে। তদুপৰি সংৰক্ষিত বনাঞ্চলসমূহৰ প্ৰৱেশদ্বাৰত তালাচী চকী স্থাপনৰ বাবে চৰকাৰে ব্যৱস্থা কৰিব লাগিব বুলিও বিচাৰপীঠে স্পষ্ট কৰি দিছে। এই তালাচী চকীসমূহৰ দায়িত্বত থকা বিষয়া আৰু কৰ্মচাৰীসকলে সক্রিয়ভাৱে কৰ্মসম্পাদন কৰিব লাগিব বুলি ন্যায়ালয়ে নিৰ্দেশনাত উল্লেখ কৰিছে। যদি সংৰক্ষিত বনাঞ্চলসমূহত কোনো লোকে বন বিষয়া বা কৰ্মচাৰীৰ অৱহেলাৰ বাবে বে-আইনীভাৱে প্ৰৱেশ কৰি অকৰ্তৃত্বশীল কার্যকলাপত লিপ্ত হোৱাৰ সুযোগ লাভ কৰে তেন্তে দায়িত্বত থকা বিষয়াৰ বিৰুদ্ধে বন বিভাগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব বুলিও ন্যায়ালয়ে উল্লেখ কৰিছে। আনহাতে অবৈধ দখল ৰোধ কৰাৰ বাবে চৰকাৰক নিৰ্দিষ্ট সময়ৰ অন্তত পর্যালোচনা আৰু পৰিদৰ্শনৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছে। বনাঞ্চলত অবৈধ দখল হলে এনে দখল উচ্ছেদৰ পূৰ্বে পালন কৰিবলগীয়া নীতি সন্দৰ্ভতো ন্যায়ালয়ে চৰকাৰক নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি কি পৰিস্থিতিত বনাঞ্চলৰ ভূমি দখল কৰিবলগীয়া হ’ল সেই বিষয়ে উত্তৰ দিবলৈ সংশ্লিষ্ট পক্ষক প্ৰশাসনে ১৫ দিনৰ সময় দি জাননী দিব লাগিব । তদুপৰি সংৰক্ষিত বনাঞ্চলৰ ভূমিত উচ্ছেদ চলোৱাৰ পূৰ্বে অবৈধ দখলকাৰীক ১৫ দিনৰ সময় দিব লাগিব বুলিও ন্যায়ালয়ে স্পষ্ট কৰি দিছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে দৈয়াং-নামবৰ সংৰক্ষিত বনাঞ্চলত চলোৱা উচ্ছেদৰ বিৰোধিতা কৰি একাংশ লোক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ভুক্তভোগী লোকসকলৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে কালি এই গুৰুত্বপূৰ্ণ ৰায়দান কৰাৰ লগতে অবৈধ দখলকাৰীসকলক সাদিনৰ ভিতৰত বনাঞ্চলৰ ঘৰসমূহ খালী কৰিবলৈ নিৰ্দেশ দিছে।